পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাদশ অধ্যায় ১৪৩ উপদ্ৰৱ নহ'ল। মানবিলাকে লুটিপুটি দেশ নষ্ট কৰিলে। ধন সম্পত্তি নিয়াই সিহঁতৰ প্ৰধান উদ্দেশ্য হোৱাত প্ৰায় যি বাটে গ’ল, সি বাটেই লোকশূন্য গ্ৰাম পাই সি ঠাইৰ সকলো বস্তু লুটি নিলে। মান ভটীয়াই অহ৷ বাৰ্ত্তা পাই গুৱাহাটী নগৰ ৰক্ষাৰ অৰ্থে ৰাজকীয় সৈন্য বড় পুৰুষাৰ্থ কৰিলে। চন্দ্ৰকান্ত স্বৰ্গদেৱেও আপুনি তাতে আছিল। মানবিলাকৰ আক্ৰমণত এইটো সচৰাচৰ নিয়ম দেখা গইছিল যে সিহঁতে প্ৰথমে গুপ্তভাবে অনুসন্ধান কৰি তাৰ পাছেহে আক্ৰমণ কৰে। গুৱাহাটী আক্ৰমণৰ পূৰ্ব্বে সেইৰূপে অহা গুপ্তসেনাৰ নৌকা কেইখনমান আমাৰ মানুহে ধৰি পানী চকীতে আক্ৰমণ কৰিলে। সেই লোকৰ মুখে স্বৰ্গদেৱে মানব ৬/৭ হাজাৰ সেনা অহা বাৰ্তা পাই তৎক্ষণাৎ সপৰিবাৰে ভটীয়াই গ'ল। তাৰ পাছদিনা পুৱা মানে গুৱাহাটী নগৰ ললে। তাৰে কিছুমানে সেই নগৰ আৰু তাৰ সমীপৰ দেৱালয় ইত্যাদি লুৰি থাকিল, কিছুমান ভটীয়াই গ'ল। এতদ্দেশীয় সৈন্য ৰজা আৰু আন আন লোক গই বঙ্গাল হাট হাদীৰ৷ চকীত কেঁাঠ কৰি ৰ'ল গই। মান ভটীয়াই গ'ল। পৰশুৰাম দুৱৰীয়াৰ জ্যেষ্ঠ পুত্ৰ হলিৰাম দুৱৰীয়া তেতিয়া বঙ্গাল হাটত আছিল। তেওঁৰ অধীন প্ৰায় তিনি শ পঞ্জাবী শিখ সিপাহী আছিল। মানবিলাক যেতিয়া হাদিৰালৈ আহিল তেতিয়া দেশী আৰু শিখ সৈন্যে সইতে ঘোৰ যুদ্ধ হয় কিন্তু আমাৰ সিপাহী তাকৰ। মানে চাৰিওফালৰ পৰা বেড়ি ধৰাত চৈতন সিং সুবেদাৰ প্ৰভৃতি অনেক সৈন্য মৰে। হলিৰাম দুৱৰীয়াই বড় সাহস দেখুৱাইছিল বুলি কোৱা আছে আৰু বন্দুকৰ সঙ্গীন সোমাই তেওঁ আহত হই অতি কষ্টে গুৱালপাড়ালৈ আহি তাৰ পৰা ভটীয়াই গ'ল। ৰজা আৰু আমাৰ মানুহ বঙ্গাল পাৰলৈ গ'ল অৰ্থাৎ কোনোয়ে ব্ৰহ্মপুত্ৰ পাৰ হই গুৱালপাড়া কমাৰপোতা প্ৰভৃতি ঠাইলৈ কোনোয়েবা মানাহা পাৰ হই খুটাঘাট পৰগণালৈ গ'ল। লগত থকা অসমীয়া মানুহৰ মুখে মানে ইয়াকে জানিলে যে হাদিৰাৰ সিপাৰে ব্ৰিটিশ ৰাজ্য। সেই কাৰণে মানৰ সেনা তাৰ পাৰ নহ'ল। বিশেষ কিছুমান ব্ৰিটিশ সৈন্য লই লেপ্টেনেণ্ট ডেবিডসন সাহাব