পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ১৪২ স্বৰ্গদেৱ ভটীয়াই গ'ল। এইবাৰ চন্দ্ৰকান্ত স্বৰ্গদেৱৰ ৰাজ্য ভোগ দুবছৰ আঠ দিন মাত্ৰ। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ যোৰহাটৰ পৰা পলাই যাবৰে পৰা মানৰ ৰাজত্ব বুলিব লাগে। মিঙ্গিমাহা তিলুৱাই স্বৰ্গদেৱত নিৰাশ হই বগা কোঁৱৰৰ পুতেক যোগেশ্বৰ কোঁৱৰক লোক দৰ্শক ৰজা পাতি নিজে ৰাজত্ব কৰিবলৈ ধৰিলে। স্বৰ্গদেৱ ভাগি যোৱাৰ পূৰ্ব্বে আৰু পাছেও মানৰ অধিকাৰ যেতিয়া দৃঢ় হ'ব ধৰিলে লোকসকলে ক্ষেতি কৃষি ধন সম্পত্তি এড়ি যেয়ে যি পাৰিলে তাকে মাত্ৰ লই ভটীয়াই ভাগি গ'ল। যি অলপ লোক থাকিল সিও বড়কৈ ক্ষেতি কৃষিতকৈ মানৰ লগ লাগি লোকৰ অত্যাচাৰ কৰিবলৈ ধৰিলে৷ মানৰ সেনাপতিয়ে যেনেকৈ ৰজা, সেইৰূপে আন আন কিছুমান বিষয়াও পাতিলে। কিন্তু এইসকল কেৱল মানুহক দেথুৱালৈহে পতা হ’ল। সকলে৷ কাৰ্য্যই সেনাপতিয়ে আপোনাৰ হাতত ৰাখিলে৷ সি সময়ত সকলোৱে সইতে মান সেনা দশ হাজাৰ মান আছিল। পাছে পৰ্ব্বতীয় আৰু ইদেশীয় অনেক লোকেও কোনোৱে মানৰ কোনে৷ বিষয় লোৱাৰ বাবে কোনোৱে বা এনেই আপোনাৰ উপকাৰ বা পৰৰ অপকাৰ কৰিবলৈ মানৰ লগত মিল হ’ল। সিসকল লোকক যে প্ৰতিপালন কৰে, এনে আয়োজন দেশত নাছিল। বিশেষ দেশৰ সমুদায় ভাগ ল'ব নোৱাৰিলে ৰাজ্য স্থিৰ কৰিব নোৱাৰি সেই হেত্তকে সেনাপতিয়ে তেওঁৰ লগৰ অনেক সৈন্য দেশৰ নানা ঠাইলৈ পঠালে। পাছে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে গুৱাহাটীত থাকি সৈন্য সংগ্ৰহ কৰে এই ভাবি যোগেশ্বৰ সিংহ ৰজা আৰু মানৰ ও দেশৰ কিছুমান বিষয়৷ এবং সেনা উজনিতে থই আহি আপুনি ভটীয়াই আহিল। সেনাপতিয়ে সেনা তিনি ভাগে বিভক্ত কৰিলে অৰ্থাৎ এভাগ উত্তৰ কূলেৰে এভাগ দক্ষিণ কূলেৰে আৰু এভাগ ব্ৰহ্মপুত্ৰেৰে ভটীয়াই আহিল। যিফালেৰে আহিল সিফালে জয়ী হই আহিল। বাটত আহোঁতে মাজালীত লুইতে ভটীয়াই অহা সৈন্য বড় উপদ্ৰৱ কৰিলে। এনে কোনে৷ ঠাই নাছিল য’ত মানে কোনে৷ প্ৰকাৰ বাধা পালে। দৰঙ্গৰ ৰজাই মানৰ অধীনতা স্বীকাৰ কৰি কৰ দিবলৈ সন্মত হোৱাত তাত