পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাদশ অধ্যায় থাকিল, চন্দ্ৰকান্ত সিংহক সিংহাসন দি মানব সেনাপতিয়ে ২০০০ মান সেনা ই দেশত ৰাখি ব্ৰহ্ম৷ দেশলৈ ঘুৰি গ'ল। এইবাৰ মানৰ আক্ৰমণকে “মাঝৰ বাৰ মান অহা” বোলে। এইবাৰো আক্ৰমণ কৰাত দেশৰ বড় অনিষ্ট নহ'ল। কেবল ৰজা ভগা পতা হোৱা গতিকে দেশত হুলস্থুল হোৱাত কিছু লোক ভাগিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱে পুৰন্দৰ ৰজাক ধৰিবলৈ যিমান পঠালে, সিহঁত গুৱাহাটীলৈ গ'ল। সেইবিলাকে কিঞ্চিৎ দেশত উপদ্ৰব কৰিলে। যদিচ চন্দ্ৰকান্ত সিংহেই ৰজ৷ আছিল তথাপি মানৰ সেনাপতি থকাত প্ৰায় ৰাজকীয় কাৰ্য্যত মানে হাত দিছিল। আন কি ধনী বড় বড়ুৱা নিৰ্ভয়নাৰায়ণ বড় পাত্ৰ ডাঙ্গৰীয়৷ প্ৰভৃতিকো মানে দ্ৰোহী বুলি সামান্যৰূপে মাৰিলে৷ খেৰেমীয়াল কছাৰীৰ পতালক স্বৰ্গদেৱে বড় বড়ুৱা পাতিলে। স্বৰ্গদেৱে এনে ভাবিলে যে দেশত যিবিলাক মান সিসকলক ইয়াত বশ কৰি ৰাখিব পাৰিব। কিন্তু আগলৈ মান অহাৰ বাধা জন্মাবলৈ জয়পুৰতেই সেই বড় বড়ুৱাই এক কোঠ পাতিলে। পুৰন্দৰ সিংহ স্বৰ্গদেৱ কলিকাতালৈ গই ১৮১৯ সনৰ সেপ্টেম্বৰত গৱৰ্ণমেণ্টত এই বুলি আবেদন কৰিলে যে তেওঁক কোম্পানীয়ে সৈন্য দি ৰাজ্য দিয়াওক, তেওঁ তেনেহলে সৈন্যৰ ব্যয় দিব আৰু কৰতলীয়া ৰজা হ’ব। এই প্ৰাৰ্থনা পত্ৰ গবৰ্ণমেণ্টে পূৰ্ব্বৰ কাৰণে অগ্ৰাহ্য কৰিলে৷ আলুঙ্গমিঙ্গী বড় গোঁহাই ব্ৰহ্মালৈ যাবৰপৰা ব্ৰহ্ম৷ ৰজাৰ এই দেশ লবলৈ অভিলাষ হ’ল। চন্দ্ৰকান্তক ৰজা পাতি মানৰ সৈন্য থই যোৱাৰ পাছত দেশৰ অৱস্থা কেনে ইয়াকে জানিবলৈ ব্ৰহ্ম৷ ৰজাই মিঙ্গিমাহ৷ তিলোৱা বপুক সেনাপতি কৰি অসম দেশলৈ পঠালে। এওঁৰ লগত সৰহ সৈন্য নাহিছিল৷ জয়পুৰতে পতাল বড় বড়ুৱাৰ কোঁঠৰ প্ৰাৰম্ভ দেখি মানে বুদ্ধি ছলেৰে তেওঁক সৰালে। চন্দ্ৰকান্ত স্বৰ্গদেৱে ইয়াতে অমিলৰূপে মান আহিছে ভাবি ১৭৪২ শকৰ চ'তত গুৱাহাটীলৈ ভটীয়াই গ'ল কলিবৰ বুঢ়া গোঁহাই নগৰ ৰক্ষা কৰিবলৈ থাকিল। ইফালে মানে আহি নগৰৰ ওচৰ পাই স্বৰ্গদেৱলৈ কটকি পঠাই নিৰ্ভয় দি মাতি পঠালে। স্বৰ্গদেৱ নাহিল। এনেতে মানে সইতে নগৰ ৰক্ষা কৰা সৈন্যৰ ৰণ হোৱাত ৰাজকীয় সৈন্য পৰাস্ত হ’ল। ইফালে চন্দ্ৰকান্ত ১৪১