পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪. আসাম বুৰঞ্জী তাৰ পাছদিনা পুৰন্দৰ গোঁহাইদেৱক সকলোৱে সেব৷ কৰি যুবৰাজ পাতিলে। ব্ৰজনাথ গোঁহাইদেৱৰ সিংহাসন পাবৰ বড় অভিলাষ হ’ল। অন্য কি তেওঁৰ নামে মোহৰে৷ মৰোৱা হ'ল। কিন্তু অঙ্গক্ষত দেখি তেওঁ ৰজা হ’ব নোৱাৰিলে। ডাঙ্গৰীয়াই প্ৰথমতে চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱলৈ জনালে বোলে “আগ- পাছ” ভাবি পুৰন্দৰ সিংহক “যুবৰাজহে পতা হৈছে, স্বৰ্গদেৱ আহোক।” কিন্তু স্বৰ্গদেৱ নাহিল। এই নিমিত্তে পুৰন্দৰ সিংহক ১০ ফাল্গুনত সকলোৱে ৰজ৷ বুলি সেবা কৰিলে। চন্দ্ৰকান্ত স্বৰ্গদেৱক ৰঙ্গপুৰতে যৌগান দি থ’লে। এইজনা ৰজাৰ এইবাৰৰ ৰাজ্যভোগ ৭ বছৰ একমাস পাঁচ দিন। পুৰন্দৰ সিংহ সিংহাসনত উঠি আগৰ ফুকন বড়ুৱাৰ অনেকক ভাঙ্গি নিজৰ ফলীয়া লোকসকলক পাতি ল'লে। চন্দ্ৰকান্ত স্বৰ্গদেৱক সিংহাসনৰ পৰা একেবাৰে বঞ্চিত কৰিবৰ নিমিত্তে বুঢ়া গোঁহাইৰ ভায়েক মৰঙ্গি খোৱা গোঁহাইয়ে কৰ্ণক্ষত কৰিলে। পুৰন্দৰ ৰজাই এইৰূপে সিংহাসনত উঠি থাকোতেই চন্দ্ৰকান্ত সিংহৰ আৰু বড় ফুকনৰ ফলীয়া কোন মানুহে গই ব্ৰহ্মাদেশত সংবাদ দিয়াত ব্ৰহ্ম৷ ৰজাই আলুঙ্গ মিঙ্গী বা কিৱামিঙ্গী বড় গোঁহাইক ৩০,০০০ সৈন্যেৰে চন্দ্ৰকান্তক ৰাজ্য দিয়াবলৈ পঠালে। পূৰ্ব্বে যি বাটেদি মান আহিছিল ১৭৪০ শকৰ ফাল্গুনত সি বাটেই মান সোমাল। পুৰন্দৰ সিংহ স্বৰ্গদেৱে কিছুমান সৈন্য পঠালে। মাছ খোৱাত মানে সইতে এঁক যুদ্ধ হোৱাত তাতে আমাৰ সৈন্য সম্পূৰ্ণৰূপে পৰাস্ত হ’ল। চন্দ্ৰকান্ত স্বৰ্গদেৱে মানৰ সৈন্যৰ লগলৈ গ'ল। পুৰন্দৰ সিংহে বুঢ়া গোঁহাই ডাঙ্গৰীয় আৰু আৰু আন আন পাৰিষদসকলক লগত লই গুৱাহাটীলৈ গ'ল। মানৰ বড় গোঁহাইয়ে চন্দ্ৰকান্ত সিংহক ৰজা পাতিলে। পুৰন্দৰক ধৰিবলৈ কিছুমান সৈন্য মানে ভটীয়াই পঠালে। পুৰন্দৰে মানে সইতে যুদ্ধ কৰিবলৈ নগৈ বড় ফুকনক পঠালে। খাগৰিজানতে নৰীয়া পড়ি বৰ ফুকনৰ মৃত্যু হ’ল। পাছে ৰজাই ভীষ্ম ডেকা ফুকনক সেনাপতি বৰণ কৰি ৰণলৈ পঠালে। কিন্তু ভীষ্ম ফুকন মানেৰে ৰণ কৰাত পৰাস্ত হ’ল। এই বাৰ্ত্ত৷ পাই পুৰন্দৰ সিংহ স্বৰ্গদেৱ সপৰিবাৰে ভটীয়াই চিলমাৰীলৈ গ'ল। এওঁৰ ৰাজ্য ভোগৰ কাল এক বছৰ চৈধ্য দিন মাথোন।