পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বাদশ অধ্যায় কচিনাথ ডাঙ্গৰীয়াই উজনিৰ বাৰ্ত্তা পাই ভাবিলে যেতিয়ালৈকে বড় ফুকনৰ আধিপত্য আৰু চন্দ্ৰকান্ত সিংহ স্বৰ্গদেৱ থাকে তেতিয়ালৈকে তেওঁবিলাকৰ মঙ্গলৰ সম্ভাবনা নাই। এই হেতুকে ৰাজ্যত ৰজা পৰিবৰ্ত্তন কৰিবলৈ স্থিৰ কৰিলে। তেওঁ এইটোকে বড়কৈ বিশ্বাস কৰিলে যে বড় ফুকনৰ মৃত্যু হলেও পূৰ্ব্বৰ কথা স্মৰণ কৰি ৰজাৰে সইতে স্নেহ নাথাকিব। ভগ্নস্নেহত যি মিত্ৰতা সি কল্যাণদায়িকা নহয়। এজনা ৰজাক পদচ্যুত কৰি আৰু এজন৷ ৰজা পতা বড় কঠিন নহয়। এই ভাবি তেওঁ দিহিঙ্গীয়া ফুকন প্ৰভৃতি ভাগি গই গুৱাহাটীত থকা আৰু নগৰৰো অনেক ভাল ভাল লোকে সইতে মন্ত্ৰণা কৰিলে। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ পুত্ৰ ৰত্নেশ্বৰ গোঁহাই আৰু তেওঁৰ পুত্ৰ বিজয় বড় মুড়া গোঁহাই। তেওঁৰ পুত্ৰ ব্ৰজনাথ গোঁহাই নিজ পুত্ৰ পুৰন্দৰে সইতে চিলামাৰীত ভাগি গই আছিল। ডাঙ্গৰীয়াই তেওঁবিলাকক ৰজা পাতিবলৈ মনস্থ কৰি জগন্নাথ ঢেকিয়াল ফুকনক চিলমাৰীলৈ পঠালে। ইফালে হিন্দুস্থানী আৰু দেশী সিপাহী কিছুমান সংগ্ৰহ কৰিলে। ব্ৰজনাথ গোঁহাইদেৱে যেতিয়া উজাই আহিল তেতিয়া জানিবলৈ পাৰিলে যে তেওঁৰ অঙ্গক্ষত হোৱাত ৰজা হ’ব নোৱাৰে। এতেকে পুৰন্দৰ গোঁহাইকে ৰজা পাতিবলৈ পৰামৰ্শ কৰিলে। ডাঙ্গৰীয়াই সিপাহী আৰু গোঁহাইদেৱ দুজনাক লই উজাই গ'ল। এনে জনৰব তুলি দিলে যেন চন্দ্ৰকান্ত স্বৰ্গদেৱৰ আজ্ঞাতহে তেওঁ উজাই গইছে। চন্দ্ৰকান্ত স্বৰ্গদেৱে অবান্তৰ সকলো বুঝিব পাৰি মনত শঙ্কিত হ’ল। যোৰহাটৰ চিকন তামুলীৰ ঘৰৰ লুকু গুৱাহটীয়া ডেকা ফুকনক থই স্বৰ্গদেৱ ৰঙ্গপুৰলৈ গ'ল। যোৰহাটৰ সমীপবৰ্ত্তী হোৱাত বুঢ়া গোঁহাইক লুকু ডেকা ফুকনে বাধা দিবলৈ ধৰিছিল। এটি অতি সামান্য সংগ্ৰামতে ফুকন কটা গ'ল। বুঢ়া গোঁহাই বিজয়ী হই ১৭৩৯ শকৰ ৪ ফাল্গুনত নগৰ প্ৰবেশ কৰিলে।