পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী তৰোৱাল আৰু বিৰী ওচৰতে এখান শৰাইত আছিল। বড় ফুকনে সুবেদাৰৰ সাহসৰ কাৰ্য্যত শঙ্কা কৰি তৰোৱাল আৰু বিৰী লবলৈ হাত নিওঁতেই সুবেদাৰে তৰোৱালেৰে ওপৰাওপৰিকৈ দুই কোব মাৰিলে। তাতে বড় ফুকনৰ প্ৰাণ গ'ল। সুবেদাৰ ৰজাৰ গাৰদলৈ গ'ল। ইমান ডাঙ্গৰ লোক এজনৰ প্ৰাণ নষ্ট কৰা সেই সুবেদাৰক কোনেও ধৰিবলৈ বা কথা সুধিবলৈ কাৰে৷ সাহস নজন্মিল। জন্মি আৰু পিয়লী দুই পুতেকে পিতৃ বৈৰীক বধিবলৈ বড় আস্ফালন কৰিছিল কিন্তু তাৰ অলপ পিছতে অন্য লোক গই বড় ফুকনৰ যথাসৰ্ব্বস্ব লুটি ৰজাৰ ভঁৰাললৈ নিলে। আৰু তেওঁবিলাকক আবদ্ধ কৰিলে। এইৰূপে বদনচন্দ্ৰ বড় ফুকনৰ মৃত্যু হয়। এওঁক লোকে মান-অনা- বড় ফুকন বোলে৷ এওঁৰ স্বভাব প্ৰথমে বড় মৃদু আছিল। নিজৰ জাতি, দেশ আৰু বংশলৈ এওঁৰ অতি স্নেহ আছিল। তেওঁ মান আনিবৰ এইটোহে কাৰণ কইছিল যে বুঢ়া গোঁহাইয়ে নিজৰ ঘৰতে সকলে৷ বিষয় ল'লে আৰু অন্য আহোমলৈ একো নথলে। ৰজাক পুতলাৰ দৰে নচুৱালে আৰু দেশত একাধিপত্য কৰিলে। সেই কাৰণেহে তেওঁ বুঢ়া গোঁহাইক সমকক্ষৰূপে প্ৰতিবাদ কৰিবলৈ মান আনিলে। এওঁৰে৷ স্বভাব স্বাৰ্থপৰ আৰু ক্ষমতাপ্ৰিয় আছিল। একে চোঙ্গত দুটা বাঘ থাকিব নোৱাৰে। একে দেশত দুজন৷ ৰজা থাকিব নোৱাৰে। একে স্বভাবাক্ৰান্ত বড় ফুকন আৰু বুঢ়া গোঁহাই হয়ে৷ একে সমানে কেনেকৈ থাকিব? সেই দেখিহে দেশত এনে অমঙ্গল ঘটিল। প্ৰকাৰে চালে এওঁ যে মান আনিলে ই কেবল বাধ্য হইহে কৰিলে। এওঁৰ প্ৰতি জিঘাংসাবৃত্তি অতি প্ৰবল আছিল। কাৰণ মান আনি পেলাই অকাৰণ কথাত অনেক লোকক বিপক্ষ বুলি দণ্ড কৰিলে। এনে নাভাবিলে বুঢ়া গোঁহাইৰ কি ৰজাৰ কৰ্ম্মচাৰীসকলে যি কাৰ্য্য কৰিছিল, সি কাৰ্য্য তেওঁৰ বিপক্ষ হ'লেও ৰাজাজ্ঞানুমত হোৱাত দূৰ্য্য নহ'ল। এক ১৩৮ 2