পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ অধ্যায় মানক বিদায় দিয়াৰ পাছত ৰজা ঘৰত বড় ফুকনৰ বিপক্ষে মন্ত্ৰণা কৰা হ’ল। তলে তলে ৰাজমাতৃ দেৱতাই ৰুচিনাথ বুঢ়া গোঁহাইলৈ যোৰহাটলৈ ঘূৰি যাবলৈ সম্বাদ পঠোৱাত বুঢ়া গোঁহাই নগল। ৰাজমাতৃ দেৱতাই ই কথা শুনি বড় ফুকনক মাৰিবলৈ ইচ্ছা কৰিলে৷ এনে প্ৰবাদ আছে বোলে বড় ফুকনে ইমান কণ্ঠতে| কেনেকৈ জীয়াই থাকিল, ই বিষয় তেওঁক ৰাজমাতৃ দেৱতাই প্ৰশ্ন কৰাত তেওঁ কলে যে তেওঁৰ হাতত কেইটামান বিৰী আছে। সেইবোৰ থাকে মানে কোন অস্ত্ৰ দ্বাৰাইও তেওঁৰ প্ৰাণ মাৰিব নোৱাৰে। এই কথা যদি সত্য হয় তেনেহলে তেওঁ কেবল আত্ম ৰক্ষাৰ নিমিত্তেহে ই কথা প্ৰকাশ কৰিছিল। মানৰ সৈন্য যোৱাৰ পাছতহে বড় ফুকনে জানিলে যে অন্যায় আক্ৰমণকাৰীৰ আসন কণ্টক মাত্ৰ। তেওঁ দেখিলে তেওঁৰ পক্ষৰ যিসকল লোক আছিল সি সকলো ক্ৰমে বিপক্ষ হ'ল। বিশেষ ৰজা আৰু ঘৰৰ পৰাও তেনে আন্তৰিক স্নেহ আৰু আদৰ নাপায়। অধিকন্তু ই দেশলৈ যে মান আনিলে এই দুৰ্যশটো তেওঁৰ গাত চন্দ্ৰ দিবাকৰ থাকে মানে থাকিব আৰু সিহঁতে অলপ ক্লেশেৰে আহি এই দেশ ল'ব পাৰিব। এইবিলাক চিন্তাতে তেওঁৰ শান্তি নোহোৱা হ'ল। ১৩৭ ৰাজমাতৃ দেৱতাই ধনী বড় বড়ুয়া প্ৰভৃতি লোকে সইতে পৰামৰ্শ কৰি বড় ফুকনক মৰোৱাটো ঠাৱৰ কৰি ৰজাৰ আগত জনালে। স্বৰ্গদেৱৰ মত অমত একো পোৱা নহ'ল। প্ৰায় “মৌনে সন্মতি লক্ষণং” মাত্ৰ জনালে। ৰূপসিংহ নামে ভোজপুৰীয়া এজন সুবেদাৰ ৰাজ সৈন্য দলত আছিল। তেওঁৰ দ্বাৰাই এই কাৰ্য্য কৰাব পাৰিব, এনে জানি সুবেদাৰক মন্ত্ৰণাকাৰীসকলে আদ্যোপান্ত কলে। সুবেদাৰ সহস| এনে গুৰুতৰ কাৰ্য্যত প্ৰবৃত্ত হ’বলৈ অনিচ্ছা কৰিলে। কিন্তু মন্ত্ৰণাকাৰীসকলে সুবেদাৰক ৰজাৰ চাঙ্গলৈ লই গই স্বৰ্গদেৱৰ আজ্ঞা বুলি ৰাতি কোৱালে। তাৰ পাছ দিনা পুৱা ৰূপসিংহে অস্ত্ৰ লই বড় ফুকনে শৌচৰপৰা আহি মাটি পানী লবৰ সময়ত ভিতৰলৈ গ'ল। বড় ফুকনে ৰূপসিংহক তেনেভাবে যোৱা দেখি বড় আশ্চৰ্য্য হই আহিবৰ কাৰণ সুধিলে। সুবেদাৰ বড় ফুকনৰ ওচৰলৈ গই “সেলাম দিবলৈ আহিছে৷” বুলি কই আৰু ওচৰ চাপিল। বড় ফুকনৰ গাত তেতিয়া কাপোৰ নাছিল এবং তেওঁৰ মন্ত্ৰৰ বিৰীও নাছিল। ১৮