বদনচন্দ্ৰ বড় ফুকনে মানৰ সেনা লই নগৰ সোমাই স্বৰ্গদেৱে সইতে সাক্ষাৎ কৰিলে।
বুঢ়া গোঁহাইক দমন কৰাই তেওঁৰ প্ৰধান ইচ্ছা। ঘাইজনা বুঢ়া গোঁহাই মৃত্যু হোৱাত আৰু ন-জনা সপৰিবাৰে গুৱাহাটীলৈ যোৱাত বড় ফুকনে তেওঁবিলাকৰ ঘৰ লুৰি যি যি পালে সি সকলোকে মানৰ সেনাপতিক দিলে। স্বৰ্গদেৱে বড় ফুকনক মন্ত্ৰী ফুকন বিষয় দিলে। আৰু বুঢ়া গোঁহাই থকা বাহৰতে তেওঁ থাকিল। যিসকল লোক বুঢ়া গোঁহাইৰ ফলীয়া আছিল তাৰে অনেকক দণ্ড বন্ধ কৰিলে আৰু মহেশ্বৰ ফুকনৰ চক্ষু দুয়োটা বড় ফুকনে কঢ়ালে। বড় ফুকনৰ এইৰূপে একাধিপত্য হ’ল। তেওঁ লগত অনা ব্ৰহ্মা দেশৰ সৈন্যবিলাকক কেনেকৈ বিদায় কৰে, ই তেওঁৰ বড় চিন্তা হ’ল। কোনো এক সময়ত এওঁ অসম দেশলৈ মান অনা উপলক্ষ্যত এনে ৰূপে কইছিল বোলে ময় দেশলৈ জুইৰ চৰু এটা মূৰত লই আহিছোঁ। যদিচ মন্ত্ৰী ফুকনে ৰজাৰ প্ৰতি একো অত্যাচাৰ নকৰিলে তথাপি ৰজা ঘৰত এওঁ প্ৰিয় হ’ব নোৱাৰিলে। এইজনা স্বৰ্গদেৱ আৰু কমলেশ্বৰসিংহ স্বৰ্গদেৱক বুঢ়া গোঁহায়েই সিংহাসনত বহুৱাইছিল। তাতে থাকি ৰাজ মাতৃ দেৱতা বুঢ়া গোঁহাইৰ ওচৰত বড় কৃতজ্ঞ আছিল। ৰাজ মাতৃদেৱতাৰ বুঢ়া গোঁহাইৰ ফাললৈহে বড় অনুগ্ৰহ আছিল। এই নিমিত্তে মন্ত্ৰী ফুকনক বড় শ্ৰদ্ধা নকৰিছিল। বিশেষ বিদেশৰ সৈন্য অনাৰ নিমিত্তে বড় ফুকনলৈ সকলোৰে সভয় আছিল। মানৰ সৈন্য ঘূৰি দেশলৈ পঠোৱাৰ নিমিত্তে সকলোৰে অতিশয় ইচ্ছা হ’ল। ১৭৩৯ শঁকৰ বৈশাখৰ শেষত তুঙ্গখুঙ্গীয়া ফৈদৰ বগা কোঁৱৰৰ জীয়েকক স্বৰ্গদেৱে আপোনাৰ কন্যা বুলি সালঙ্কৃতা কই ব্ৰহ্মা ৰজালৈ দিলে। আৰু সেনাপতিসকলকো যথাযোগ্য বটা দি বিদায় দিয়াত ইয়াৰে পৰা মান ৰজাই সইতে মিত্ৰতাৰ সূত্ৰপাত হ’ল। এইবাৰ মান অহাকে প্ৰথম মানৰ আক্ৰমণ বোলে। এইবাৰ মানবিলাকে বড় দৌৰাত্ম্য কৰিবলৈ নাপালে। কিয়নো উজনিৰ পৰা আন ফালে মান নগল। বড় ফুকনে মানবিলাকক এক প্ৰকাৰ অধীনে ৰাখিছিল। যাবৰ সময়তো মানৰ সেনাপতিসকলেও আমাৰ ৰজাই সইতে মিত্ৰতা কৰিহে গ’ল।