পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ অধ্যায় উদ্বিগ্ন হ’ল। এনে প্ৰবাদ আছে পাওঁ হওঁতেই বুঢ়া গোঁহাই ডাঙ্গৰীয়া অন্য দেশী লোক লগ লাগিল। এইখিনি সেনাৰে বড় ফুকন আহি ১৭৩৮ ( ১৮১৬ খ্ৰীঃ ) শঁকৰ ফাল্গুনত অসম দেশৰ সীম৷ পালেহি। বুঢ়া গোঁহাইয়ে বড় ফুকনৰ আগমন বাৰ্ত্ত৷ পাই যুদ্ধৰ নিমিত্তে সৈন্য পঠালে হয়, কিন্তু কোন মতে যুদ্ধত ব্ৰহ্মাৰ সৈন্য পৰাস্ত নহল। বৰঞ্চ জয়ী হই দেশ সোমালহি। এই সৈন্য উজনি ফালৰ পৰা আহিছিল। পাছে উত্তৰ আৰু দক্ষিণৰ পৰাও ব্ৰহ্মাৰ বা আন আন শত্ৰু আহে ইয়াতে বুঢ়৷ গোঁহাই বড় ব্যগ্ৰ হ’ল। ক্ৰমে শত্ৰু নগৰলৈ আহিল। আমাৰ সৈন্য পৰাস্ত হোৱাত বুঢ়া গোঁহাই ডাঙ্গৰীয়া বড় বোলে মানৰ সৈন্য নগৰৰ সমীপ পাওঁ হীৰ৷ খাই মৃত্যু হ’ল। বুঢ়া গোঁহাই ডাঙ্গৰীয়া বড় উদ্বিগ্ন হই ভয় খালে যে পাছে শত্ৰুৱে তেওঁক কষ্ট দিয়ে বা প্ৰাণ মাৰে। এই কাৰণে অকস্মাৎ তেওঁ সন্নিপাত ৰোগেবে আক্ৰান্ত হই মৃত্যু হ’ল। এওঁ বড় উদ্যোগী বিদ্যানুৰাগী আৰু স্বাৰ্থপৰ আছিল। লোকপ্ৰিয় আৰু সাধাৰণৰ হিতকৰ কাৰ্য্য কৰে এইটি তেওঁৰ সদাই ইচ্ছ| আছিল কিন্তু ক্ষমতা প্ৰিয় আৰু স্বাৰ্থপৰ হোৱাৰ নিমিত্তে তেওঁৰ সৎকাৰ্য্যবিলাকৰ পৰাও কেতিয়াবা বড় বেয়া ফল হয়। তেওঁৰ মতক প্ৰতিবাদ কৰা তেওঁৰ পক্ষে বড় অসন্তোষ- জনক কথা আছিল। সুযশস্থ্য৷ পাবলৈ তেওঁৰ বড় ইচ্ছা থাকিলেও কেতিয়াবা তেওঁ তাৰ উপায় কৰাত কৃতকাৰ্য্য হ’ব নোৱাৰিছিলে। তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰুচিনাথক স্বৰ্গদেৱে বুঢ়া গোঁহাই আৰু ৰাজমন্ত্ৰী পাতিলে। মান আহিবৰ শুনি দেশত মহা হুলস্থুল হ’ল। ক্ৰমে যেতিয়া ৰণত আমালোকৰ মানুহ ভাগিব ধৰিলে, তেতিয়া মানুহ পলাবলৈ ধৰিলে। বুঢ়া গোঁহাই ডাঙ্গৰীয়৷ বিশেষকৈ লোকৰ আশ্ৰয়ৰ স্থান আছিল। ৰজাৰ প্ৰতি তদৃশ বিশ্বাস নাছিল। যেতিয়া বুঢ়া গোঁহাই ডাঙ্গৰীয়াও মৃত্যু হ’ল তেতিয়াহে লোক হতাশ হ’ল। মানব সেনা নগৰৰ সমীপলৈ যেতিয়া একেবাৰে আহিল তেতিয়৷ ৰুচিনাথ বুঢ়া গোঁহাই ডাঙ্গৰীয়াই স্বৰ্গদেৱক জনোৱাত স্বৰ্গদেৱ ভটীয়াই যাবলৈ অসম্মত হ’ল। ইয়াতে “স্বৰ্গদেৱৰ মনস্থ মতে বড় ফুকনে আমাৰ ঘৰলৈহে মান আনিছে গই” হেন বুঝি ৰুচিনাথ ডাঙ্গৰীয়াই সপৰিবাৰে ভটীয়াই গুৱাহাটীলৈ গ'ল।