পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দ্বিতীয় অধ্যায়

কামৰূপৰ শক্তি বৃদ্ধি হল। আক সেই শক্তি চাৰিও কালে বিস্তাৰিত হই যোৱাৰ নিমিত্তে এতিয়া যিখিনি ঠাই অসম নামে প্ৰখ্যাত আছে প্ৰায় সেই সকলো খিনি কামৰূপ নামে প্ৰখ্যাত হল। পাছে তাকে চাৰি পীঠ বা প্ৰদেশ ৰূপে ভাগ কৰা হল মাত্ৰ। সেই সেই পীঠৰ নাম ওপৰত কোৱা গইছে। এতিয়া যি প্ৰদেশ উজনি নামে বিখ্যাত সেই প্ৰদেশকে সৌমাৰ দেশ বোলে। ইংৰাজী ১২২৮ শকত যেতিয়া চুকাফা ৰজা সৌমাৰ দেশলৈ আহে তেওঁ ছুটিয়া আৰু বৰাহীৰ দেশ এফেৰিও ৰক্তপাত নোহোৱাকৈ ললে আৰু সেই সেই লোকে সইতে প্ৰীতিবৃদ্ধি কৰিবৰ নিমিত্তে সিঁহতৰ অনেকক ভিতৰুয়াল কৰি ললে। তাতে সিঁহত বশবৰ্ত্তী হল। সেই কাৰণে সেই লোকে কলে বোলে ইহত অসম অৰ্থাৎ কোনেও ইহতৰ সমান নহয়। এইটোকে সকলোয়ে অসম নামৰ অন্বয় বুলি সিদ্ধান্ত কৰে।[১]

 কোনো কোনো লোকে কয় বোলে এই দেশৰ দুইও ফালে পৰ্ব্বত আছে আৰু মাজ ভাগৰো অনেক ঠাইত খাল বাম ওখ আৰু চাপৰ; ঠাই সমান নহয়, সেই দেখি এই দেশক অসম দেশ অৰ্থাৎ ঠাই সমান নোহোৱা দেশ বোলে। বিন্ধ্য আৰু হিমালয়ৰ মাঝৰ ঠাই ডোখৰ আৰ্য্যাবৰ্ত্ত। সেই ঠাই আৰ্য্যবিলাকৰ ভাৰতবৰ্ষৰ আদি ঠাই। সেই ঠাই ডোখৰ সমান৷ যেতিয়া সেই দেশৰ আৰ্য্য স্ৰোত এই দেশলৈ আহিল তেতিয়া এই দেশ সমান নোহোৱাত ইয়ালৈ অহা আৰ্য্য সকলে ইয়াক অসম বুলিলে।

 কোনো কোনো ইতিহাস অনুসন্ধানকাৰী সকলে কয় বোলে সংস্কৃত চম (খোৱা অৰ্থ) ধাতুৰ পৰা এই দেশৰ নামৰ উৎপত্তি হইছে। কামৰূপক প্ৰায় এতিয়া লৈকে ডাকিনী পিশাচনীৰ ঠাই বুলি ভাটীৰ ফালে কয় ইয়াত সিংহে মাতে, মুনিহ মানুহ তাকৰ, ইয়াৰ মানুহে মানুহ খায়। সেইকালৰ লোক সকলৰ মাজতো যে এই প্ৰবাদ আছিল তাত সংশয় নাই। পাছে যেতিয়া কিছুমান আৰ্য্য ইয়ালৈ আহিল আৰু দেখিলে যে এই দেশৰ

  1. কোনোয়ে কয় বোলে চুকাফা ৰজা আহোম বা অহম আছিল। সেই দেখি হকাৰৰ ঠাইত এতিয়াৰ দৰে সকাৰ আৰু সকাৰৰ ঠাইত হকাৰ হোৱাৰ দৰে অহম শব্দৰ পৰিবৰ্ত্তে আমাৰ মানুহে অসম বুলিলে।