সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৪
আসাম বুৰঞ্জী

বাটেৰে নদী ওলাই সৰু নাৱেৰেই ভটীয়াই গ’ল। যি পাছ বাটেৰে বড় ফুকন পলাল, সেই বাটক “ধোদৰ দুৱাৰ” বোলে। ৰাতিপুৱা বড় ফুকন পলোৱা বাৰ্ত্তা সৰ্ব্বত্ৰতে প্ৰকাশ হ’ল। ঘনশ্যাম বড় ফুকন হই বদনচন্দ্ৰক বিচাৰিবলৈ লোক পঠালে। মহেশ্বৰ পৰ্ব্বতীয়া ফুকনে বঙ্গাল হাটৰ পৰশুৰাম দুৱৰীয়াৰ সাহায্য লই বঙ্গাল দেশলৈকে গ’ল। চিলমাৰীত বড় ফুকনক পোৱা গ’ল আৰু তেওঁক মন্ত্ৰণা কৰি ধৰি আনিব লগা হইছিল কিন্তু তেওঁৰ পুতেক জন্মি আৰু পিয়লীয়ে গই চিলমাৰীৰ থানাত সম্বাদ দিয়াত থানাৰ দাৰোগাই বদনচন্দ্ৰক ৰাখিলে। বড় ফুকন কাৰ্ত্তিক মাসত কলিকতালৈ গ’ল। দেশখন বুঢ়া গোঁহাইয়ে ভাঙ্গিছে বুলি ৰজাৰ পক্ষে গবৰ্ণৰ জেনেৰেল সাহাবত সৈন্যৰ নিমিত্তে প্ৰাৰ্থনা কৰাত ব্ৰিটিশ গৱৰ্ণমেণ্টে আসাম দেশৰ আভ্যন্তৰিক কাৰ্য্যত কোনো প্ৰকাৰে হাত দিবলৈ অস্বীকাৰ কৰিলে।

 বড় ফুকন পলাই যোৱাৰ বাৰ্ত্তা বুঢ়া গোঁহাই ডাঙ্গৰীয়াই পাই অলপ শান্তি পালে কিন্তু আকৌ বা তেওঁ কি কৰে ইয়াকে সময়ে সময়ে চিন্তা কৰিবলৈ ধৰিলে। ঘনশ্যাম বড় ফুকনলৈ দৃঢ়ৰূপে এই আজ্ঞা কৰিলে যে কামৰূপত সুশাসন কৰে। তেওঁ নিজে দেশৰ শাসনৰ আৰু সৈন্য শিক্ষাৰ প্ৰতি বিশেষ মনোযোগ কৰিবলৈ ধৰিলে। দাঁতী পৰীয়া ৰজা আৰু লোকসকলে সইতে বড়কৈ মিলিবলৈ ধৰিলে। আৰু পৰ্ব্বতীয়া লোকসকলে সইতে বেপাৰ চলিবলৈ সুবিধা কৰি দিলে। নগৰত যিসকল লোক আছিল সিসকলৰ উন্নতিৰ প্ৰতিও বড় যত্ন কৰিছিল।

 সি সময়ত কলিকতালৈ ব্ৰহ্মা (মান) দেশৰ এজন উকীল আহিছিল। বদনচন্দ্ৰে সইতে সেই উকীলৰ সাক্ষাৎ হলত দেশৰ সকলো অবস্থা কলে। উকীলে তেওঁক সাহায্য দিয়াম বুলি লগতে ব্ৰহ্মালৈ লই গ’ল। বদনচন্দ্ৰ বড়ফুকন ঢাকা চট্টগ্ৰাম আৰাকানেৰে গই আৱা নগৰ পাই আসাম দেশৰ অবস্থা ৰজাত জনালে। ব্ৰহ্মা ৰজাই ভাই ৰজাৰ আৰু দেশৰ অবস্থা শুনি বুঢ়া গোঁহাইৰ হাতৰ পৰা দেশ উদ্ধাৰিবলৈ সৈন্য পঠাবলৈ আজ্ঞা কৰিলে। বড় ফুকনে মুঠে ৬০০০ হাজাৰ ব্ৰহ্মা দেশৰ সৈন্য লই অসম দেশলৈ আহিল। বাটত আঁহোতে প্ৰায় ৮০০০ মান