পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ অধ্যায় ১৩৩ দিছিল যিবিলাক ৰজাৰ জীয়েকৰ বিবাহৰহে যোগ্য। যদিচ বড় ফুকনক ধৰিবলৈ অতি সংগোপনে মানুহ পঠাইছিল তথাপি ই কথা সংগোপনে নাথাকিল। বড় ফুকনৰ জীয়েকে বুঝ পাই বড় ফুকনলৈ এই বুলি এখান চিঠি অতি গোপনে পঠাই দিলে। তাৰ ভাব এই “দেৱতা সকলো মানুহ তোমাৰ বিপক্ষ, ঈশ্বৰ তোমাৰ সপক্ষ হওক। সাবধান হ’বা নতুবা সৰ্ব্বনাশ।” এই পত্ৰ ফুকনক ধৰি আনিবলৈ ‘যোৱা লোকৰে কোনো এজনৰ হাতত গুপ্তভাবে পঠালে। ই কাৰ্য্যৰ দ্বাৰাই দেশৰ অমঙ্গল আৰু মঙ্গল বিশেষ কাৰ্য্যবিলাক হ’ল। পৃথিবীৰ নানা দেশত যিসকল মহৎ কাৰ্য্য ঘটিছে তাৰে অনেক স্ত্ৰী জাতিয়ে কৰা কোনো কাৰ্য্যৰ পৰাই ঘটিছে।* যিবিলাক লোকে বড় ফুকনক ধৰিবলৈ যায় সিসকলে আশ্বিনৰ ৯দিন যোৱাত সন্ধ্যা সময়ত গুৱাহাটীৰ ওচৰ পাই এনে পৰামৰ্শ কৰিলে বোলে কালি পুৱা গই স্বৰ্গদেৱৰ আজ্ঞা শুনাই বড় ফুকনক দোপদৰতে ধৰা যাব আৰু ঘনশ্যামক পতা যাব। সন্ধ্যাৰ পাছতে বড় ফুকনে সেই পত্ৰ আৰু পত্ৰবাহকৰ মুখে সকলো কথা বুঝি আপোনাৰ দুই পুত্ৰ জন্মি ও পিয়লীক লগত লই পাছ ফালৰ এনে এক কথাও প্ৰচাৰ আছে বোলে চন্দ্ৰকান্ত স্বৰ্গদেৱৰ বাইয়েক মাজিউ আইদেৱক বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰ পুতেক একজনাই বিবাহ কৰাইছিল। তেওঁৰে সইতে বিবাদ লাগি বিচ্ছেদ হলত মাজু আইদেৱে ঢেকিয়াল ফুকনক পতিগ্ৰহণ কৰিলে। আহোমবিলাকে ককায়েকৰ ঘৈণীয়েকক পত্নী গ্ৰহণ কৰা নিয়ম অবলম্বন কৰে। বড় ফুকনৰ জীয়েকক বিবাহ কৰালত সতিনীৰ হিংসাৰ নিমিত্তে তেওঁক অপদস্থ কৰিবলৈকে হওক বা অন্য কাৰণৰ নিমিত্তেই হওক মাজু আইদেৱে বড় ফুকনলৈ তেওঁক ধৰি অনাৰ বাৰ্ত্ত৷ চিঠিৰে লিখি পঠালে৷ কোনে পত্ৰ লিখে তাৰ নিশ্চয় নাই সেই চিঠিৰ ওপৰত ঢেকিয়াল ফুকনৰ ছাব মোহৰ ছলেৰে মাৰি দিলে। সেই নিমিত্তে সি চিঠিৰ প্ৰতি বড় ফুকনৰ বিশ্বাস হ'ল। এনেৰূপেও কোনো কোনো লোকে কয় যে বড় ফুকনক ধৰি অনাৰ প্ৰতিহে বুঢ়া গোঁহাইৰ বিশেষ মন আছিল। কিয়নো দুয়ো ঘৰৰ কুটুম্বিতা আছিল। সিসকলে আৰু কয় বোলে পিজৌ আইদেৱক বড় সমাৰোহ কৰি বিয়া দিয়াৰ কাৰণে চন্দ্ৰকান্ত স্বৰ্গদেৱে অপমানিত বোধ কৰিলে। আৰু সেই কাৰণেই বড় ফুকনক ৰজাই দণ্ড দিবৰ নিমিত্তে ধৰাই আনিবলৈ আজ্ঞা কৰিছিল।