পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী প্ৰমাণ দিলে। জগধৰ চাৰিঙ্গিয়া বড়ুৱা প্ৰভৃতি দ্ৰোহীবিলাকৰ কাৰে৷ প্ৰাণদণ্ড কাৰে৷ অন্যৰূপে দণ্ড কৰা হ'ল। সতৰামক নগা পৰ্ব্বতৰ ফালে পঠালে এবং তাতে তেওঁক কৌশলেৰে নষ্ট কৰিলে। এই দ্ৰোহ “ভূতৰ পুতেকৰ খবৰ” বুলি প্ৰসিদ্ধ। ইয়াতে বিস্তৰ লোকৰ প্ৰাণ নষ্ট নহলেও ইয়াৰ দ্বাৰা উজনি খণ্ডত কম উৎপাত নহ'ল। কিয়নে৷ ৰজা ঘৰৰ মানুহবিলাক হুফলীয়া হোৱাত নগৰৰ বড় অনিষ্ট ঘটিছিল। কামৰূপত বদনচন্দ্ৰ বড় ফুকনে একাধিপত্য কৰি ৰাজ্য শাসন কৰিছিল৷ তেওঁ নীচেই সুশাসক নাছিল। কামৰূপী লোকৰ প্ৰতি বড় দ্বেষ ভাব আছিল। ফুকনৰ জন্মি আৰু পিয়লী মামে দুটি পুতেক আছিল। এই দুজনৰ অত্যাচাৰত কামৰূপী মানুহৰ ৰক্ষা নহ’ল। এনে কি তেওঁবিলাকে গুৱাহাটীত বালক দাস নামে হাতী এটাক ভাঙ্গ খুৱাই মতলীয়া কৰি নগৰত এড়ি দিছিল আৰু সেই হাতীয়ে যি অনিষ্ট কৰিছিল তাৰে আনন্দ কৰিছিল। বুঢ়া গোঁহাইৰ ওচৰলৈ ই সকল বাৰ্ত্তা সদাই গই আছিল। হঠাৎ একো কৰিব নোৱাৰিলে কিয়নো ভূতৰ পুতেকৰ উপদ্ৰবত বুঢ়া গোঁহাই নিজেই ব্যগ্ৰ আৰু ব্যাকুল আছিল। ১৩২ ভূতৰ পুতেকৰ দোষ বিচাৰ কৰোঁতে এনেটে৷ ওলাল বোলে বড় ফুকন তলে তলে দ্ৰোহীৰ ফাল হইছিল। তেওঁকে৷ কৰ্ম্মচ্যুত কৰিবলৈ বা দণ্ড কৰিবলৈ বুঢ়া গোঁহাইৰ মনস্থ হ'ল। যেতিয়া বালক দাস হাতীৰ উপদ্ৰবৰ কথা বুঢ়া গোঁহাইয়ে শুনিলে তেতিয়া অৰ্থাৎ ১৭৩৭ শকৰ ভাদ্ৰত তেওঁ তাকে ছল পাই বড় ফুকনক ধৰি আনিবলৈ মহেশ্বৰ পৰ্ব্বতীয়া ফুকনক পঠালে। বদনচন্দ্ৰক ভাঙ্গি ঘনশ্যামক বড় ফুকন হবৰ স্থিৰ কৰি তেওঁকে৷ এই লগতে গুৱাহাটীলৈ পঠোৱা হ’ল। আৰু এনে কঠিন আজ্ঞা দিলে যে তেনে ৰূপে তেওঁক ধৰি নগৰলৈ আনিব। বড় ফুকনৰ জীয়েক 'পিজৌ আইদেউক বুঢ়াগোঁহাই ডাঙৰীয়াৰ পুতেক ওযোনাথ ঢেকিয়াল ফুকনে বিয়া কৰাইছিল। তেওঁৰ বিবাহৰ যৌতুকত বিস্তৰ মহামূল্যবান বস্তু দিছিল। ইও এক বুঢ়া গোঁহাইৰ অসন্তোষৰ মূল আছিল, কিয়নো যৌতুকত এনেবিলাক বস্তু