পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ অধ্যায় সতবাম আৰু তেওঁৰ সঙ্গীসকলক দমন কৰাই তেওঁবিলাকৰ প্ৰধান সংকল্প। তিনিওজন| ডাঙ্গৰীয়া একেলগ হলে বজাকো ভাঙ্গিব বা পাতিব পাৰে। ইফালে ইমান ডাঙ্গৰ মেল হয় অথচ বজাই একো বুঝ নাপায় আৰু ৰজাক চ’ৰালৈ আহিবলৈ জনোৱা নহল। যেতিয়া ডাঙ্গৰীয়াসকল চ’ৰালৈ গ'ল, তেতিয়াহে ৰজা ঘৰত হুলস্থুল লাগিল যে আজি বা কি হয়। চাৰিঙ্গিয়| ফুকনে বিষম ভাবি ৰজাৰ চাঙ্গলৈ গ'ল। সকলোৱে আহি সভাত বহি স্বৰ্গদেৱলৈ জনাই পঠালে বোলে, চাৰিঙ্গিয়া ফুকনক দ্ৰোহী বুলি লোকে অপবাদ দিছে তাৰে বিবেচনাৰ নিমিত্তে ফুকনক চ’ৰালৈ আহিবলৈ আজ্ঞা কৰোঁক। স্বৰ্গদেৱে তাত অমান্তি হোৱাত পাছে সভাৰপৰা এনে অনুমতি হ’ল যে স্বৰ্গদেৱে যদি অনুমতি নিদিয়েও তথাপি তেওঁক ধৰিয়েই আনিব। বুঢ়া গোঁহাইৰ পুত্ৰ জগন্নাথ ঢেকিয়াল ফুকন, মৰাঙ্গয় খোৱা গোঁহাই আৰু চন্দ্ৰ গোঁহাইয়ে অনুমতি লই চাঙ্গলৈ গ'ল। যাবৰ সময়ত বুঢ়৷ গোঁহাইয়ে ইয়াকে সতৰ্ক কৰি কলে তুঙ্গখুঙ্গিয়া ফৈদৰ ৰজাৰ যেন অপমান নহয়। ৰাজ মাতৃ দেৱতাই ৰাজ্যৰ ভাব দেখি স্বৰ্গদেৱক বুঝাই কলে। স্বৰ্গদেৱে প্ৰথমে চাৰিঙ্গিয়| ফুকনক দিবলৈ অসন্মত হইছিল। ঢেকিয়াল ফুকনে স্বৰ্গদেৱক এই বুলি বুঝাই কলে বোলে ফুকনক এড়ি নিদিলে অগত্যা বলেৰে ধৰি নিব। ইয়াতে তেওঁক এড়ি দিলে হয় কিন্তু তেওঁৰ জীৱনৰ প্ৰতি বিষম নঘটাবলৈ স্বৰ্ণদেৱে ঘোৰ শপথ দিলে। ১৩১ চাৰিঙ্গিয়া ফুকনক এড়ি দিয়াৰ পৰা ৰাজ মাতৃ দেৱতা আৰু আন আন হিতকাৰীৰ মনত দৃঢ় বিশ্বাস হ’ল যে ৰজাৰ প্ৰতি একো অত্যাচাৰ নঘটে। সভালৈ চাৰিঙ্গিয়া ফুকন আৰু তেওঁৰ সঙ্গী দ্ৰোহীসকলক নিয়৷ হলত বিচাৰ আৰম্ভ হ'ল। অন্যান্য ফুকন বড়ুৱা সকলোৱে আসনত বহিছিল কিন্তু চাৰিঙ্গীয়া ফুকনৰ নিমিত্তে আসন নোহোৱাত তেওঁ আপত্তি কৰিলে কিন্তু সভাৰ পৰা এইৰূপে বুঝাই কোৱা হ'ল যে এতিয়া তেওঁ পদকীয়া সুতৰাং আসনৰ অৰ্হ নহয়। তেওঁ আৰু তেওঁৰ সঙ্গীৰ বিৰুদ্ধে প্ৰমাণ লোৱা হল। যিসকলে প্ৰথমতে সতৰাম ফুকনৰ সঙ্গী আছিল তাৰে অনেকে তেওঁৰ বিপক্ষে