পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩০ আসাম বুৰঞ্জী গোঁহাই ডাঙ্গৰীয়৷ যোৱগু স্বৰ্গদেৱে সইতে সতৰাম একে আসনতে বহি আছিল তথাপি তাৰপৰা গাত্ৰোখান নকৰিলে। বুঢ়া গোঁহাইয়ে স্বৰ্গদেৱক সেৱা কৰিলে। ১৭৩৫ শকত বুঢ়া গোঁহাইয়ে আপোন হাতে কিখাপৰ আঙ্গ৷ চোলা এটা কৰি স্বৰ্গদেৱক দুৰ্গোৎসব পূজাত পিন্ধিবলৈ দিয়াত স্বৰ্গদেৱে তেওঁৰ প্ৰিয় ফুকনকে দিলে। পূজাত গধূলি সময় স্বৰ্গদেৱ দেবী ঘৰলৈ আহিবৰ অপেক্ষা কৰি বুঢ়া গোঁহাই প্ৰভৃতি সকলে৷ লোক থকাত ফুকন সেই কাপোৰ পিন্ধি তালৈ যাওঁতে সকলোৰে স্বৰ্গদেৱ বুলি ভ্ৰম হ’ব ধৰিছিল। ইয়াতে দুই এক আশাৰ এনে কথা ফুকন আৰু ডাঙ্গৰীয়াৰ মাঝত হ’ল যাতে দুয়ে৷ পেটে পেটে বিতুষ্ট হ’ল। তেতিয়াৰে পৰ৷ দুয়োৰো অমিল ভাব প্ৰকাশ পালে। মঙ্গল নহয়৷ চাৰিঙ্গিয়া ফুকনে নিশ্চয়কৈ জানিলে বুঢ়া গোঁহাই থকাত তেওঁৰ এবং বুঢ়া গোঁহাইও নিশ্চয়কৈ জানিলে যে ফুকনৰ পৰা তেওঁৰ কুশল আৰু শান্তি অসম্ভব। দুয়ো তলে তলে আপোনাৰ মতলৈ মানুহ আনিব ধৰিলে। চাৰিঙ্গিয়া ফুকনে কেতবিলাক তেওঁৰ স্বভাবৰ দৰে উচ্ছৃঙ্খল বুদ্ধিৰ মানুহে সইতে তলে তলে বুঢ়া গোঁহাইক মাৰিবলৈ মন্ত্ৰণা কৰিলে আৰু বুঢ়া গোঁহাই বুলি কলৰ গছকে কাটিলে। আন কি এওঁ বুঢ়া গোঁহাইক মাৰি দেশখন তেওঁৰ হাতৰপৰ৷ ৰজাক দিবলৈ কিছুমান সিপাহীও সংগ্ৰহ কৰিবলৈ উদ্যোগ কৰিলে। এনে হল যে আকৌ দেশত ৰণ হয়। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই ই সকল কথা বুঝ পাই 'স্বৰ্গদেৱ আৰু ৰাজমাৱ দেৱতালৈ কই পঠালে। কিন্তু একে৷ প্ৰতিকাৰৰ আশা নাপালে। ৰাজ মাতৃ দেৱতাই স্বৰ্গদেৱক ভালকৈ বুঝাই কলে হয় কিন্তু স্বৰ্গদেৱৰ কপট হুগুছিল। পাছে বুঢ়া গোঁহাইয়ে আন আন ডাঙ্গৰীয়৷ ও ফুকন বড়ুৱ৷ সকললৈ ইয়াকে কই পঠালে, বোলে গোজেই গছ হই এতিয়৷ দেশ উপান্ত কৰে। চাৰিঙ্গিয়া ফুকন যেনেকৈ বুঢ়া গোঁহাইক সেইদৰে আন আন লোককে৷ অপমান আৰু অবজ্ঞা কৰি স্বৰ্গদেৱৰ অনুগ্ৰহক কুব্যবহাৰ কৰিছিল। সকলোৱে বুঢ়া গোঁহাইৰ মততে মত দিলে। পাছে ১৭৩৬ শকৰ আষাঢ় মাহত এদিন তিনিও- জনা ডাঙ্গৰীয়া বড় বড়ৱা ফুকন প্ৰতি সকলে৷ বড় চ’ৰালৈ গ'ল।