পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ অধ্যায় এই মন্দিব ১৭৩৪ শকত আৰম্ভ হই ১৭৩৫ শকত শেষ হয়। এই মন্দিৰ আজিলৈকে আছে। এই কাৰ্য্যৰ পৰ৷ ডাঙ্গৰীয়াৰ বড় কীৰ্ত্তি অদ্যাবধি স্থায়ী হই আছে। ৰজাই সমনীয়াবিলাকে সইতে আমোদ কৰি দিন যাপন কৰিবলৈ ধৰিলে। সিসকলৰ মাঝত ভূত নামে কুকুৰাছোৱা বড়াৰ পুতেক সতৰাম স্বৰ্গদেৱৰ প্ৰধান বল্লভ হ'ল। * ৰজাই সতৰামক ক্ৰমে বিষয় বঢ়াই দি শেষত চাৰিঙ্গীয়া ফুকন পাতিলে। বয়সৰ তৰুণতাৰ নিমিত্তে স্বৰ্গদেৱে মন্ত্ৰীৰ কথাতকৈ চাৰিঙ্গীয়া ফুকনৰ কথাকেহে বড়কৈ মানিবলৈ ধৰিলে। অকস্মাৎ যি কোনো লোক ডাঙ্গৰ হয় বিশেষকৈ ৰাজবল্লভ হয়, তাৰ প্ৰকৃতি প্ৰায়েই উচ্ছৃঙ্খল। তাতে সতৰাম ফুকনৰ বয়স তৰুণ। তেওঁৰ আশা ইমান বলবতী হ’ল যে তেওঁ মন্ত্ৰিত্ব কৰে কিন্তু তাক কৰা বড় উজু নহয়। এই হেতুকে বুঢ়া গোঁহাইয়ে সইতে স্বৰ্গদেৱৰ মন ভাঙ্গিবলৈ উপক্ৰম কৰি ক্ৰমে তেওঁ ৰাজকাৰ্য্যত হাত দিবলৈ ধৰিলে। স্বৰ্গদেৱক ইয়াকে বুঝাই কলে বোলে শিঙ্গৰী ঘৰত নুঠিলে ৰজাৰ অভিষেক নহয় আৰু বুঢ়া গোঁহাইয়ে মন্ত্ৰণা কৰি দেশখন আপোনাৰ হাতৰ তলত ৰাখিবলৈ অভিষেক হ’ব নিদিয়ে। স্বৰ্গদেৱে এদিন বুঢ়া গোঁহাই ডাঙ্গৰীয়াত এই প্ৰস্তাব কৰাত ডাঙ্গৰীয়াই ইয়াকে কলে যে অভিষেকৰ নিমিত্তে যি পৰিমাণ অৰ্থ আৰু উপায় লাগে আৰু যি পৰিমাণে নহ'লে পূৰ্ব্বৰ নিয়মানুসাৰে কাৰ্য্য নহয় সি পৰিমাণে এই কালত হ’ব নোৱাৰে। কিয়নো মৰাণৰ দিনৰে পৰা দেশত হুলস্থ ল লাগি থকাত ৰজাৰ ও প্ৰজাৰ সম্পত্তিৰ বল তেনে নাই। ই কথাত স্বৰ্গদেৱে সন্তোষ পালে হয় কিন্তু চাৰিঙ্গীয়৷ ফুকনে বিষমৰূপ বুজাই কলে। চাৰিঙ্গীয়| ফুকনে ৰজাৰ বল্লভ হই ভালৰূপে থাকিব নুখুজিলে। তেওঁৰ আশা ক্ৰমে বড় হ'ল। ডাঙ্গৰীয়াসকলকে৷ কোনো কোনো সময়ত অবজ্ঞাৰ চিন দেখুৱালে। এনে প্ৰবাদ আছে বোলে এক সময়ত বুঢ়া ১২৯

এই সতবাম দেখিবলৈ বড় সুশ্ৰী আছিল। এওঁৰ বুদ্ধি বড় প্ৰখৰ আৰু এওঁ চঞ্চল ও আমোদী আছিল। সেই দেখি বুঢ়া গোঁহাইয়ে সতৰামক স্বৰ্গদেৱৰ লিগিৰ| কৰি দিলে। তেওঁৰ স্বভাব স্বৰ্গদেৱৰ তৰুণ স্বভাবে সইতে মিলিল। ১৭