পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ১৭৩২ শকৰ শেষ ভাগত বসন্ত ৰোগ প্ৰবল ৰূপে দেশত হ’ব ধৰিলে। সেই ৰোগতে কমলেশ্বৰসিংহ স্বৰ্গদেৱ ৫ মাঘ কৃষ্ণা সপ্তমীত স্বৰ্গী হ’ল। এওঁৰ ভোগৰ কাল ১৫ বৎসৰ ৫ মাহ ১৩ দিন। কমলেশ্বৰ- সিংহ স্বৰ্গদেৱৰ ভ্ৰাতৃ চন্দ্ৰকান্ত চাৰিঙ্গীয়৷ ৰজাৰ তেতিয়া ১৩ বছৰ বয়স মাথোন আছিল। ১৭৩২ শকৰ ৬ মাঘত ইজন৷ সিংহাসনত উঠিল। সেই সময়ত স্বৰ্গদেৱে এনেহে শঙ্কিত হইছিল যে যেতিয়ালৈকে তেওঁৰ সমনীয়৷ লিগিৰ৷ কেইজন মান ওচৰলৈ নগ'ল তেতিয়ালৈকে সিংহাসনত উঠিবলৈকে ভয় কৰিছিল। স্বৰ্গদেৱৰ কোমল বয়স হোৱাত পুনৰায় বুঢ়া গোঁহাইৰ হাততে সম্পূৰ্ণ ৰাজ্যভাৰ পড়িল। ৰাজমাৱ দেৱতা বড় বুদ্ধিমতী আছিল। তেৱেঁ৷ বিষয় কাৰ্য্য পৰিচালনত সময়ে সময়ে বুদ্ধি মন্ত্ৰণা দিছিল। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই এইৰূপ অপৰিসীম ভাৰ পাই বড় পৰাক্ৰমেৰে কাৰ্য্য কৰিবলৈ ধৰিলে। স্বৰ্গদেৱে আপোনাৰ সমনীয়া সকলে সইতে ক্ৰীড়া কৌতুকতে সময় খেদাবলৈ ধৰিলে। স্বৰ্গদেৱ বড় লাজুক৷ আৰু ভীৰু স্বভাবৰ লোক আছিল। এই নিমিত্তে তেওঁৰ কৌতুকৰ অৰ্থে বুঢ়৷ গোঁহাইয়ে যিমান পাৰিছিলে তিমান উদ্যোগ কৰিছিল। ১২৮ কলীয়া ভোমোৰা বড় ফুকন বড় প্ৰশস্তমন৷ আৰু বহুদৰ্শী মানুহ- আছিল। ব্ৰিটিশ গবৰ্ণমেণ্টৰ পৰাক্ৰম যে শ্ৰেষ্ঠ আৰু সাহায্য যে আদৰণীয় ইয়াকে তেওঁ সুন্দৰে জানিছিল। কেঁাঁচবিহাৰৰ দৰে ব্ৰিটিশ গবৰ্ণমেণ্টক “লালবন্দী” দি· মিত্ৰত৷ কৰিবলৈ প্ৰস্তাব কৰি বুঢ়াগোঁহাই ডাঙ্গৰীয়ালৈ তেওঁ এবাৰ জনালে। ডাঙ্গৰীয়াই 'নিশ্চয়কৈ জানিছিল যে তেওঁ লোকপ্ৰিয় নহয় তাতে আকৌ “লালবন্দী” দিবলগীয়া হলে দেশখন ইংৰাজকে “বন্দী” কৰি দিয়াৰে অপবাদ পাব। ইয়াকে ভাবি তেওঁ সি প্ৰস্তাবত অসন্মত হ’ল। কিছুমান দিনৰ মূৰতে বড় ফুকনৰ মৃত্যু হ’ল। তেওঁৰ পদত বদনচন্দ্ৰ নিযুক্ত হ’ল। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই ৰজাৰ মঙ্গলৰ অৰ্থে স্বৰ্গদেৱৰ নামে কাশীত এটা মন্দিৰ নিৰ্ম্মাণ কৰোৱাই দিলে। এই কাৰ্য্যত ডাঙ্গৰীয়াৰ বংশৰে আনন্দৰাম গোঁহাই আৰু পৰশুৰাম হুৱৰীয়াৰ ঘৰৰ ৰণৰাম বা যোগাই বড়ুৱাক নিযুক্ত কৰিছিল।