পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ অধ্যায় ১২৭ প্ৰতিবাদ কৰিব নোৱাৰিছিল। তেওঁক সকলোৱে ভয় কৰিছিল। . ভয় হলেই অভিসন্ধি ও নিষ্ঠুৰতাৰ উদয় হয়। পানীমুয়া প্ৰভৃতি কেতবিলাক লোকে ৰাতি ভকত সেবা কৰিবৰ ছলেৰে একেলগ হ’ল। সিহঁতে ৰাজমন্ত্ৰী আক সেই ফলীয়৷ মানুহবিলাকৰ প্ৰাণবধ কৰিবলৈ প্ৰতিজ্ঞা কৰে। দেশব কোনো কোনো ডাঙ্গৰ লোকেও পেটে পেটে এই গুপ্ত দ্ৰোহীসকলক সাহায্য কৰিলে। আপোনাৰ কাৰ্য্য সাধিবলৈ যাৰ ইচ্ছা অথবা দেশত শত্ৰু দমি প্ৰধান হই থাকিবলৈ যি বাঞ্ছা কৰে, সিসকলে চৰীয়াৰ সহায় ল'ব লাগে। চবৰ চকুয়েই সিসকল লোকৰ চকু হয়। বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰ চৰীয়াসকলে এই ষড়যন্ত্ৰৰ কথা কিছু প্ৰমাণিক- ৰূপে দেখুৱাই দিয়াত পানীমুয়াকে মুখ্য কৰি কেতবিলাক দ্ৰোহী ধৰা হয়। বুঢ়া গেঁাঁহাইয়ে নিশ্চয় জানিলে এনে দুৰ্ব্বল লোকে যে ৰজা আৰু মন্ত্ৰীৰ বিৰুদ্ধে দ্ৰোহ আচৰিব ই অসম্ভব। এতেকে ইয়াত যি যি লোকে পেটে সহায় কৰিছিল সি সকলোকে ধৰিব লাগে। এই বুলি সি মানুহকেইটাক সুধি সিহঁতে যাৰ যাৰ নাম কলে সি সকলোকে মাৰিলে। এনে কথা প্ৰচাৰ আছে বোলে সি দুষ্ট প্ৰকৃতিৰ লোকবিলাকে সিহঁতৰ ইচ্ছামতে অনেক নিৰ্দোষী লোকক সিহঁতৰ লগৰীয়৷ বুলি কোৱাত তাৰে৷ প্ৰাণবধ বা অন্য কোনো দণ্ড কৰিলে৷ পৰিশেষত বুঢ়াগোঁহাই ডাঙ্গৰীয়াই সি দ্ৰোহীবিলাকৰ গুপ্তভাব বুঝি সিহঁতকো দণ্ড কৰিলে। এই গুপ্ত স্ৰোহক “পানী মুৰাৰ খবৰ” বোলে। ১৭২৫ শুঁকত কাকতীয়াৰ বলৰাম খঙ্গীয়৷ ফুকনক উকীল কৰি আৰু তেওঁৰ লগত ভূধৰ চাংকাকতী, তনুশ্যাম খাউন্দ আৰু মধু বড়াক কলিকাতাৰ গবৰ্ণৰ সাহাবলৈ পত্ৰে সইতে স্বৰ্গদেৱে পঠাই দিলে এবং কিছুমান শিক্ষিত সিপাহী বন্দুক, বাৰুদ আৰু গুলী অনোৱা হ’ল। যোৰহাটলৈ অহাৰ পাছত বুঢ়া গোঁহাইৰ এনে মন আছিল যে পুনৰায় ৰঙ্গপুৰলৈ ঘূৰি যাব পাৰিব কিন্তু দেশৰ হুলস্থুল অবস্থা নিবাৰণ নোহোৱাত সেইটি নঘটিল। ইয়াতে থাকি যোৰহাট বাহৰকে ভালকৈ নগৰ কৰা হ’ল। জলৰ কষ্ট নিবাৰিবলৈ ভোগদই নদী খনালে। কেটামান আলিও নিৰ্ম্মাণ কৰা হ'ল। ১৭২৪ শঁকৰ পৰ৷ দেশত উপদ্ৰব আৰু অমঙ্গল নোহোৱাকৈ কিছু দিন গ'ল। 's