পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী মৰাণৰ দিনতে আহিছিল। - তেৱেঁ৷ সেনাপতি ফুকনে সইতে ই যুদ্ধলৈ গইছিল।* কছাৰী সৈন্য আগবাঢ়ি আহি অকস্মাৎ আমাৰ সৈন্যক আক্ৰমণ কৰাত আমালোকৰ সৈন্য হুঁহকিল। পাছে নৌকাৰ অভাবত সৈন্যবিলাকৰ অনেকে কপিলী নদী পাৰ হ’ব নোৱাৰি আন উপায় নাপাই সাঁতৰ মেলোতে বিস্তৰ সেনা আৰু বন্দুক হানি হ'ল৷ এই ৰণ ১৭২৫ শুঁকত শেষ হয়। ইয়াত জয়লাভ হ’ল হয় কিন্তু যুদ্ধৰ সামগ্ৰী অনেক ক্ষতি হ’ল। এই ৰণত প্ৰধান সেনাপতি বুঢ়া গোঁহাইৰ ঘৰৰ হৰিপদ ডেক৷ ফুকন আছিল। এওঁৰ বুদ্ধি আৰু সাহসৰ পৰাহে আহোমৰ কথমপি জয় হ’ল। এই আপাহতে স্বৰ্গদেৱে ১৭২৫।২৬ শুঁকতে ডেকা ফুকনক যুদ্ধ জয় হোৱা দেশৰ ওচৰতে চাৰি সীমাকৈ অনুমান ২০০০ দুহাজাৰ পুৰ৷ মাটি নিষ্কৰ বৃত্তি দিলে।* কমলেশ্বৰসিংহ স্বৰ্গদেৱ মুখলাজুক৷, কৃতজ্ঞ আৰু মৰমীয়াল আছিল। স্বাৰ্থপৰ বুঢ়া গোঁহাই ডাঙ্গৰীয়াই ক্ৰমে আপোনাৰ বংশৰ মাঝতে সকলে৷ ডাঙ্গৰ বিষয় ৰাখিবলৈ ধৰিলে৷ আৰু তেওঁৰ যি মত ও অভিপ্ৰায় তাকে সকলে৷ প্ৰকাৰে ৰক্ষা কৰিছিল। ৰাজমাৱ দেৱতা আৰু ৰজাৰ বড় বিশ্বাস ও সম্ভ্ৰম পোৱাত ডাঙ্গৰীয়াক কোনেও একে৷ প্ৰকাশি ক’ব বা তেওঁৰ কাৰ্য্যত

এই ব্ৰহ্মচাৰী ই দেশৰ বঙ্গাল হাটৰ অধ্যক্ষ দুৱৰীয়া বড়ুয়া হয়। এবং ছজন ব্ৰাহ্মণ বালকক পুত্ৰৰূপে প্ৰতিপালন কৰে। আৰু তাৰে পৰা ই দেশত এক উন্নতিশীল বংশৰ সংস্থাপন হয়। সেই ছজনা বালক নাম (১) সীতাৰাম (২) পৰশুৰাম (৩) শম্ভুৰাম, (৪) ৰণৰাম (৫) অভিৰাম ৬) পটাভিৰাম আৰু এটি ব্ৰাহ্মণ কুমাৰীকে৷ কন্যাৰূপে তেওঁ প্ৰতিপালন কৰে৷ এওঁৰ নাম পাতলী। এই সকলৰে দ্বিতীয় তৃতীয় আৰু চতুৰ্থ জনৰ পুত্ৰ সন্তান আছে। প্ৰথম আৰু পঞ্চম জনৰ জীয়াৰীৰ সন্তান আছে। ষষ্ঠজন অপুত্ৰক।

এই নিষ্কৰ বৃত্তি এতিয়াৰ নগাঁও জিলাৰ চাপৰী মহলত আছে। ইয়াৰ নাম মোলান কামৰা, কিন্তু বৰ্ণজয়ী ডেকা ফুকনৰ নাম চিৰস্মৰণীয় কৰিবলৈ ইয়াৰ নাম ডেক| ফুকনৰ খাত বুলি প্ৰসিদ্ধ হ'ল। ইয়াৰ পূৰ্ব্ব সীমা ভোমোৰাগছ, পশ্চিমে দলং বন্ধাৰ আঁসত গছ, উত্তৰে গা খজুৱা 'বিল, আৰু দক্ষিণে লতিমেৰোৱা শিমলু গছ। যুদ্ধত জয় হোৱাৰ অলপ পাছতে ডেকা ফুকনৰ এটি, পুত্ৰ জন্মে। সেই ৰণৰ জয় সদাই মনত থাকিবলৈ সেই লৰাটিৰ নাম ৰণজয় থোৱা হইছিল।