পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ অধ্যায় ১২৫ ‘উগ্ৰদণ্ড কৰিলে। হৰদত্তৰ পদ্মকুমাৰী নামে- কন্যাক বড় ফুকনৰ “কুমেদান বাঙ্গাল” নামে এজন সেনাপতিয়ে ধৰি নি বিবাহ কৰালে।* এইৰূপে হৰদত্তৰ বিবাদৰ শেষ আৰু নিবাৰণ হ'ল। এই বিদ্ৰোহকাৰীসকলক “ছন্দীয়৷” বুলিও কয়। কিয়নো ভাটীফালৰ পৰা পলাই বা আন ভাবে অহা সৈন্যই বিদ্ৰোহত লিপ্ত আছিল। কলীয়া ভোমোৰা বড় ফুকনে নিজ বুদ্ধি আৰু পৰাক্ৰমেৰে এই “ছন্দীয়া” বিদ্ৰোহ নিবাৰণ কৰি কামৰূপ পৰিষ্কাৰ কৰাত স্বৰ্গদেৱে সন্তোষ পাই তেওঁক প্ৰতাপবল্লভ নাম দিলে। এই বিদ্ৰোহ নিবাৰণৰ অৰ্থে বড় ফুকনে ভাটীৰ পৰা কিছুমান সিপাহী আৰু বন্দুক বাৰুদ অনাইছিল। তাৰে কিছুমান উজনিলৈ পঠাই দিলে ভাটীৰ সিপাহীবিলাকৰ লগত আমাৰ দেশী কেতবিলাক মানুহকে৷ যুদ্ধ বিদ্যা শিকোৱা হ'ল। আৰু বুঢ়া গোঁহাই পৰীয়া চন্দ্ৰ৷ গোঁহাইক সেনাপতি নিযুক্ত কৰিলে। অভিনব যুদ্ধ শিক্ষাৰ প্ৰথম পৰীক্ষা খামতীবিলাকতে হয়। সিবিলাকে আমাৰ সীমা ঠেলি কেতবিলাক মানুহ ধৰি নিয়াত কিছুমান সিপাহী পঠোৱা হ'ল। আমাৰ সিপাহীয়ে পৰ্ব্বতত উঠি খামতীৰ বুঢ়া ৰজাক বন্দী কৰি আনিলে। তেতিয়াৰে পৰা খামতীবিলাকৰ উপদ্ৰব নিবাৰণ হ'ল। ১৭১৯ শুঁকত চন্দ্ৰকান্ত গোঁহাই দেৱৰ জন্ম হয়। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই দেশৰ কুশল ৰক্ষা কেবল সৈন্য দলৰ ওপৰত নিৰ্ভৰ কৰে, ইয়াকে দেখি সিপাহী শিকাবৰ প্ৰতিহে বড় মন আৰু উৎসাহ দিছিল। ১৭২১ শঁকত চাৰিঙ্গিয়৷ ৰজাদেৱ মৃত্যু হ’লত চন্দ্ৰকান্ত গোঁহাইদেৱ চাৰিঙ্গিয়৷ ৰজা হ'ল। কছাৰীবিলাকে ইমান দিন নিস্তব্ধ হই আছিল। অতি সামান্য কথা এটাৰ পৰা সিহঁতে ক্ৰোধ কৰি আসাম দেশ আক্ৰমিবলৈ উদ্যোগ কৰে। নতুন শিক্ষিত কেতবিলাক সৈন্য ১৭২০ শুঁকত কছাৰীৰ বিপক্ষে পঠোৱা হ'ল। লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰী নামে দ্ৰাবিড় দেশৰ এজনা ব্ৰহ্মচাৰী গৌৰীনাথসিংহ স্বৰ্গদেৱৰ সখিক চক্ষু দান দিয়া সূত্ৰ লাগি

  • হৰদত্তৰ দ্ৰোহ নিবাৰণৰ গীত এতিয়াও কামৰূপত চলিত, কোনোলোকে কয়

বোলে পদ্মকুমাৰী আত্মঘাতী হ'ল।