পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আসাম বুৰঞ্জী

দেশৰ-পশ্চিম সীমা ধাৰ্য্য কৰিলে। তেতিয়াৰে পৰা অসম আৰু বঙ্গাল দেশৰ সেই সীমাই নিশ্চয় হই আছে।

 ছুটিয়া, কছাৰী, জয়ন্তীয়া গাৰো, খাসিয়া আৰু বিজনীৰ ৰজা প্ৰভৃতিৰ দেশ ক্ৰমে ক্ৰমে লই আহোম বিলাকে আপোনাৰ ৰাজ্য বিস্তাৰ কৰিলে। আহোম বিলাকৰ দিনতকৈও ব্ৰিটিশ গবৰ্ণমেণ্টেৰ দিনত ৰাজ্য অনেক বিস্তাৰ হইছে।

 এই দেশক প্ৰায় চাৰিও ফালে পৰ্ব্বতে বেড়ি আছে। ইয়াৰ মাঝে মাঝেও অনেক পৰ্ব্বত, সুন্দৰ সুন্দৰ নদী, গহ্বৰ আৰু গুহা অনেক আছে। অতি পূৰ্ব্বকালৰ পৰা এই দেশত তপস্বী আৰু যোগী সকলৰ অনেক আবাস আছিল। পুৰাণাদিত বিখ্যাত অনেক মুনিৰ আশ্ৰম ইয়াত আছে। তাৰে অনেক বিলাক তীৰ্থৰূপে গ্ৰাহ্য হইছে৷ গুৱাহাটীৰ অগ্নি কোণত সন্ধ্যাচল পৰ্ব্বতত বশিষ্ঠৰ আশ্ৰম, বেলতলাৰ কোনো এঠাইত গালৱ মুনিৰ আশ্ৰম, হাজোত গোকৰ্ণ নামে এজনা মুনিৰ আশ্ৰম এতিয়াও প্ৰসিদ্ধ আছে। এই দেশৰ অনেক পৰ্ব্বতৰ ওপৰতো পুৰণি নগৰৰ ভগ্নাবশেষ স্বৰূপ শিলৰ স্তম্ভ, পুখুৰী, প্ৰাচীৰ ইত্যাদি পোৱা যায়। এই সকলোয়ে ইয়াৰ প্ৰাচীনত্বৰ বিশেষ প্ৰমাণ দিয়ে। আৰু এই বিলাকৰ পৰা ইতিহাসৰ অনেক সাহায্য পোৱা যায়।

 কোনো কোনো লোকে কামৰূপ বা অসম দেশক পাণ্ডব বৰ্জিত দেশ অৰ্থাৎ পঞ্চপাণ্ডবে বন ভ্ৰমণৰ কোনো সময়ত ইয়ালৈ অহা নাই এইৰূপ অপবাদ দিয়ে। কোনোয়ে আকৌ কয় যে এই অঞ্চললৈ আহিলেও ব্ৰহ্মপুত্ৰৰ দক্ষিণ কূললৈ অহা নাই। এই কথা নিচেই অমূলক। কিয়নো লৌহিত্যৰ দক্ষিণ তীৰত নীলাচল পৰ্ব্বতৰ বায়ুকোণে পাণ্ডুনাথ নামে এক দেৱালয় আছে। তাত পাণ্ডব সকলে প্ৰতিষ্ঠা কৰা দেবমূৰ্ত্তি আছে বুলি কোনো কোনো পুৰাণ আৰু যোগিনী তন্ত্ৰত কয়। আৰু সেইৰূপ প্ৰবাদ আজিলৈকে চলি আহিছে সেই দেৱতা দৰ্শন স্পৰ্শন কৰাৰ প্ৰশংসা বচনতো পাণ্ডবে স্থাপন কৰা উক্তি আছে। বিশেষ তাৰ সমীপৰ গ্ৰাম খানিৰো পাণ্ডু বা পাঁড়ুনাম আজিলৈকে প্ৰসিদ্ধ।

 কালক্ৰমে ওপৰত কোৱা আন সকলো দেশৰ পৰাক্ৰম হীন হোৱাত