পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৪ আসাম বুৰঞ্জী বুঢ়৷ গোঁহাই ডাঙ্গৰীয়ালৈ বড় ফুকনে ই বিষয় জনাই সাহায্য প্ৰাৰ্থনা কৰাত উজনিৰ পৰা কোনো বিশেষ সাহায্য নাপালে। নিজ জাতিৰ গৌৰৱ ৰক্ষা কৰিবলৈ বড় ফুকন নিজে আগ বাঢ়িবলগীয়া হ'ল। বড় ফুকনৰ সৈন্যে লুইত পাৰ হই উত্তৰ পাৰে গ'ল। যি যি ঠাইত দ্ৰোহী সৈন্য লগ লাগিছিল সি সি ফালে আহোমৰ সৈন্য গই দ্ৰোহী সকলক বিনষ্ট কৰিলে। দ্ৰোহীবিলাকৰ বিপক্ষে এই এটি উপায় হ’ল যে হৰদত্তে প্ৰথম কিছুমান দিন কামৰূপত জয় লাভ কৰাত আন আন চৌধুৰী বুজৰ বড়ুৱা বড় কায়স্থসকলক অধীন হেন ভাবি আজ্ঞ| পঠাইছিল। ইয়াতে সিসকলে ঈৰ্ষান্বিত আৰু বিতুষ্ট হ’ল। বৰঞ্চ সিসকলৰ পেট আহোমৰ ফালেহে হইছিল। সমনীয়া লোকৰ অধীন হোৱাতকৈ বিজাতীয় এবং বিদেশীয় লোকৰ অধীন হোৱাকে মানুহে ভাল পায়। বড় ফুকনৰ সেনাৰ জয় বাৰ্ত্ত৷ পাই হৰদত্ত কিছুমান সৈন্য সইতে পলায়ন কৰি ভোটানৰ ফালে যাব ধৰিলে। আহোমৰ সৈন্য পাছে পাছে খেদি গ'ল। হৰদত্তৰ মুখ্য সেনাপতি সকলে এই পৰামৰ্শ স্থিৰ কৰিলে যে পলাই পঞ্জাবলৈ গই সি দেশৰ পৰ৷ সৈন্য আনি আহোমে সইতে যুদ্ধ কৰে। হৰদত্তৰ প্ৰধান ইচ্ছা এনে আছিল যে আহোমৰ হাতৰ পৰা কামৰূপ উদ্ধাৰ কৰি নিজে ৰখা হ’ব অথবা কেঁাঁচবিহাৰৰ ৰজাৰ বংশৰ কোঁৱৰক আনি ৰজা পাতিব। তেওঁ পলাই গই ভিন্ন দেশীয় ৰজাৰ আশ্ৰয় লই সৈন্য আনি দেশ লোৱাটে৷ অযুক্তি দেখিলে। তেওঁ দেখিলে যে সেইৰূপ সংকল্প বড় অসাধ্য। যদিওবা সাধ্য হয় তথাপি একেবাৰে বিদেশীয় কোনো ৰজাৰ হাতত তেওঁৰ দেশখান পেলাই দিয়াতকৈ পুৰণি চিনাকি আহোমৰ হাততে সি থকা ভাল। ইয়াকে স্থিৰ কৰি এক নিভৃত ঠাইত তেওঁ সপৰিবাৰে পলাই থাকিল। তেওঁৰ লগৰ সৈন্যসকল যুদ্ধত সম্পূৰ্ণৰূপে পৰাস্ত হ’ল। হৰদত্তৰ এটি পুতেক ইয়াৰ পূৰ্ব্বে আহোম সেনাৰ দ্বাৰা ধৃত হইছিল। সেই ল’ৰাটিয়ে বড় ফুকনৰ অঙ্গীকাৰক বিশ্বাস কৰি আপোন পিতৃ আৰু পৰিয়ালসকলক ধৰা পেলাই দিলে। কিন্তু দ্ৰোহী হেতুকে বড় ফুকনে সি সকলোকে