পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ অধ্যায় ১২৩ আৰু উজনিৰ কাৰ্য্য চলাওঁতে চিন্তোঁতে ৰজা আৰু মন্ত্ৰীৰ সময় যাবলৈ ধৰিলে এবং গুৱাহাটীৰ গেন্ধেল৷ ৰাজখোৱা বড় ফুকনো নকৈ অহা বাবে বিশেষকৈ কামৰূপৰ অবস্থা জানিব নোৱাৰিছিলে তেতিয়া কামৰূপৰ হৰদত্ত আৰু বীৰদত্ত নামে দুই ভায়েক মুখ্য হই অন্যান্য অনেকে সইতে লগ লাগি দ্ৰোহ আচৰিবলৈ ধৰিলে। হিন্দুস্থানী আৰু দাঁতিপাৰৰ অনেক কছাৰী মানুহে টাঙ্গোন দা আদি অস্ত্ৰ ললে। কিছুমান পঞ্জাবী মানুহকে৷ সৈন্য লই সিহঁতে একেবাৰে ১৭১৭ শঁকৰ মাঘ মাহত দ্ৰোহভাব অবলম্বন কৰিলে। বিদ্ৰোহী হৰদত্তৰ এজনী জীয়েক আছিল। তাইৰ হাত ও ভৰিত পদ্মফুলৰ চিন থকা এবং খোজ দিলে ভৰিত মাটি নলগ৷ প্ৰবাদ আছিল। এওঁৰ নাম পদ্মকুমাৰী থোৱা হ’ল আৰু এনে বিশ্বাস হ’ব ধৰিলে যে এওঁ ভবিষ্যৎ কালত ৰাজৰাণী হ’ব পাৰিব। এনে কথিত আছে বোলে বিজনীৰ ৰজা আৰু কেঁাঁচবেহাৰৰ ৰজায়ে৷ আহোমৰ পৰা৷ পূৰ্ব্বাধিকৃত দেশ লবৰ নিমিত্তে পেটে হৰদত্তক সহায় কৰিছিল। কিন্তু ব্ৰিটিশ গবৰ্ণমেণ্টে আহোম ৰজাৰ সপক্ষ থকাত প্ৰকাশ্যে একে৷ নকৰিলে। বেহাৰৰ নাজিৰদেৱ সাহাবৰ বংশৰ কোঁৱৰ এজনাৰ নিমিত্তে পদ্মকুমাৰীৰ বিবাহৰ স্থিব হ'ল আৰু তেওঁ হৰদত্তৰ ঘৰলৈ আহিল। পৰাজিত জাতি বুলি কামৰূপৰ লোকবিলাকক আহোমবিলাকে “ঢেকেৰি” বুলি হাঁহিছিল আৰু যিমান পাৰিছিল তিমান অবিশ্বাস আৰু অবজ্ঞা কৰিছিল। সেই আক্ৰোশতে হৰদত্ত আৰু তেওঁৰ লগৰীয়া দ্ৰোহীবিলাকৰ এনেভাব হ’ল যে আহোম. দূৰৈত থাওক অসমীয়া কথাৰ প্ৰতিও বিজাতীয় বিদ্বেষ জন্মিল। কামৰূপৰ অনেক বড় বড় লোকৰ দ্ৰোহৰ ভাব হই হৰদত্তক প্ৰকাশ্যে সাহায্য কৰিবলৈ ধৰিলে। আৰু এইৰূপে দ্ৰোহীবিলাকে কামৰূপৰ প্ৰায় উত্তৰ কুল অধিকাৰ কৰিলে। গেন্ধেল৷ ৰাজখোৱাৰ আৰু এটি নাম কলীয়া ভোমোৰা আছিল তেওঁ এই দ্ৰোহ নিবাৰিবলৈ বিশেষ যত্ন কৰিলে। পঞ্জাব ও হিন্দুস্থানৰ কেতবিলাক মানুহক সৈন্য দলত নিযুক্ত কৰিলে এবং বেলতলা ডিমৰুৱা প্ৰভৃতি দাঁতি ঠাইৰ ৰজা কেইজনমানৰ সাহায্য লই দ্ৰোহ নিবাৰিবলৈ উদ্যোগী হ’ল আৰু সৈন্য পঠালে।