পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একাদশ অধ্যায় ১৭১৭ শঁকৰ ২৩ অগ্ৰহায়ণত কিনাৰাম গোঁহাইদেৱে ৰাজত্ব পালে। মোৱামৰীয়াৰ উপপ্লবৰ পাছত দেশৰ এনে দৈন্য দশা আছিল, যে এই- জন৷ স্বৰ্গদেৱে শিঙ্গৰী ঘৰত উঠি অভিষেক হব নোৱাৰিলে, সেই কাৰণে এওঁৰ হিন্দুমতে কমলেশ্বৰসিংহ নাম হ’ল। আহোমমতে নাম নহল। এওঁৰ পিতৃ দীঘলা গোঁহাইদেৱক চাৰিঙ্গায়া খেল দি চাৰিঙ্গীয়৷ ৰজা বিষয় দিয়া হ'ল৷ পূৰ্ণানন্দ বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰ উদ্যোগত সিংহাসন প্ৰাপ্ত হোৱাৰ নিমিত্তে স্বৰ্গদেৱে সকলো ৰাজ কাৰ্য্যৰ ভাৰ তেওঁৰ গাতে দিলে। ভগাদেশ কেনেকৈ পাতিব লাগে বুঢ়া গোঁহাইৰ ই চিন্ত৷ বড়কৈ হ’ব ধৰিলে। যিবিলাক মানুহ দেশৰ পৰা ভাগিল, সিসকলৰে৷ যেয়ে আহিল বুঢ়া গোঁহাইয়ে সকলোকে আগৰ সেই ঠাই আৰু সেই খেলত পাতিলে। আৰু যিবিলাক বিদেশলৈ গইছিল তাকে৷ দেশলৈ অনাবলৈ যত্ন কৰিছিল। প্ৰজাৰ ক্ষেতি কৃষি নোহোৱাত আৰু দেশৰ অবস্থা ভাল নথকাত পাইকৰ খাটনিৰ নিমিত্তে কেতবিলাক শিথিল নিয়ম চলাই দিলে৷ নগাঁৱৰ পৰা সিন্ধুৰা হাজৰীকাক সপুত্ৰে ধৰাই নি প্ৰাণদণ্ড কৰিলে আৰু গৌৰীনাথসিংহ স্বৰ্গদেৱৰ দুহিত! আইদেৱকো চিৰিঙ্গ ফুকনে সইতে বড় আড়ম্বৰেৰে বুঢ়া গোঁহাইয়ে বিবাহ দিলে। ৰজা ও প্ৰজাৰ আয় উৎপন্ন আৰু অবস্থা তেতিয়া এনেহে আছিল যে বুঢ়া গোঁহাই আৰু অন্যান্য কাৰ্য্যকাৰকসকলৰ সময় উজনিৰ ফালে দৃষ্টি কৰোঁতেই গ’ল। কামৰূপৰ অবস্থা তাদৃশ ভাল নাছিল। গৌৰীনাথসিংহ স্বৰ্গদেৱ গুৱাহাটীত থাকোঁতেই দৰঙ্গৰ কৃষ্ণনাৰায়ণ ৰজাৰে মিল হই কামৰূপৰ কেতবিলাক মুখ্য লোকে আহোমৰ প্ৰতি দ্ৰোহভাব দেখুৱাইছিল। কাপ্তান ওৱেলস্ সাহাব অহাৰ পাছত কৃষ্ণনাৰায়ণ ৰজাই সইতে সন্ধিনিবন্ধন হলত কৃষ্ণনাৰায়ণ দৰঙ্গলৈ গ'ল। কিন্তু কামৰূপৰ প্ৰজাৰ মনত দ্ৰোহভাব সুন্দৰে থাকিল। যিমান দিন ব্ৰিটিশ সৈন্য ই দেশত আছিল, তিমান দিন সি ভাব লুপ্তপ্ৰায় আছিল। যেতিয়া ব্ৰিটিশ সেনা ভটীয়াই গ'ল