পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী মাৰি নাও এখন ফলাত তেওঁকে৷ সেইৰূপে কৰিব পাৰিব এই ভাবি সেই পাৰিষদক শাৰীৰিক কঠিন শাস্তি দিলে অথচ বেজবড় ৱাবিলাকক এই আজ্ঞা দিলে সেই প্ৰিয় পাৰিষদক তদ্দণ্ডেই আৰোগ্য কৰে। এদিন৷ তেওঁ, তেওঁৰ সৰুকালৰ সখি এজনৰ প্ৰতি বিৰক্ত হই চকু কঢ়ালে। তাৰ পাছে আকৌ এক বিদেশীয় ভাষাৰে লিখা পত্ৰ এখন পঢ়িব লগা হোৱাত তেওঁৰ চক্ষুহীন প্ৰযুক্ত আঙ্গুলিৰে অক্ষৰৰ আকৃতি ধৰি পত্ৰৰ মৰ্ম্ম বুজাই দিলে। ইয়াতে ৰজাই তেওঁৰ চক্ষুদান কৰিবলৈ বেজবড়ুৱাসকলক আজ্ঞা দিয়ে। যদি মোৱামৰীয়াৰ উপপ্লব নহয়, আৰু সি লোকজনৰ মৃত্যু নহয়, তেন্তে স্বৰ্গদেৱে বা কি কৰিলেহেঁতেন তাক ঈশ্বৰেহে জানে। নাপিতৰ অধীন হ’ব লাগে এই বুলি স্বৰ্গদেৱে মূৰ খুৰাওঁতেও স্থিৰ হই নাথাকিছিল। এইজন৷ স্বৰ্গদেৱৰ অহঙ্কাৰ ইমান্‌হে প্ৰবল আছিল যে কাপ্তান ওৱেলস্ সাহাবক ৰজাৰ পাছফালে মাছীয়৷ দিহে সম্ভাষ| কৰিছিল। এওঁ দানী আছিল হয় কিন্তু সিও স্বাৰ্থপৰতামূলক। ব্ৰাহ্মণসকলক দক্ষিণা আঁজলি ভৰাই দিব লাগে। কিন্তু ৰজাৰ ভঁড়াল তেওঁৰ মনৰ সমতুল নোহোৱাত মন্ত্ৰীয়ে চ’ৰতীয়া, তিনিৰতীয়৷ প্ৰভৃতি সৰু ধনৰ সৃষ্টি কৰে। কোন এজন বঙ্গ৷লীলোকে তেওঁৰ ইষ্টদেৱতা বালগোপালৰ গীত শুনোৱাত তেওঁ আজ্ঞা দিলে বোলে যেন সেই বঙ্গালক আৰু স্বৰ্গদেৱে সিংহাসনৰ পৰা নেদেখাকৈ ধন দিব। স্বৰ্গদেৱৰ অনুগ্ৰহ আৰু নিগ্ৰহ কেতিয়া কাৰ ওপৰত হয় তাৰ একো নিদৰ্শন নাছিল। দুৰ্ব্বল লোক সকলেই প্ৰায় নিষ্ঠুৰ হয়। এওঁ স্বেচ্ছাচাৰী হয় কিন্তু মানসিক বড় দুৰ্ব্বল আছিল। তেওঁৰ যিজন৷ প্ৰধান মন্ত্ৰী সিজনাও স্বাৰ্থপৰ, ক্ষমতা প্ৰিয় আৰু লোভী আছিল। এতেকে ইজন৷ ৰজাৰ দিনত যে দেশৰ শ্ৰীহীন নহ’ব ও দেশত উপদ্ৰব হুলস্থূল নহ’ব ইয়াত সংশয় কি? এইজনা ৰজাৰ দিনৰ পৰাই দেশত কানিৰ ক্ষেতি আৰম্ভ হয়। এনে কথা কোৱা আছে বোলে ১৭১৫ শুঁকত যেতিয়া কাপ্তান ওৱেলস্ সাহাব এই দেশলৈ আহে তেতিয়াৰ পৰা কানিৰ ক্ষেতি ইয়াত হ’ব ধৰিলে। ইয়াৰ প্ৰথম ক্ষেতি বেলতলাত হয়। সি সময়ত জহনী আৰু গ্ৰহণীত অনেক লোকৰ প্ৰাণ নষ্ট পালে। ব্ৰিটিশ সৈন্যৰ কাৰে৷ কাৰে৷ লগত আফিং থকাত