পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম অধ্যায় “ডাঙ্গৰীয়াই যাকে ভাল পাইছে তাকে কৰোক।” ইয়াৰ দ্বাৰা এনে প্ৰতিপন্ন হয় যে বুঢ়া গোঁহাই ডাঙ্গৰীয়াই যাকে মনোনীত কৰিছে সিজনেই ৰজা হ’ব। স্বৰ্গদেৱে আৰু এই কথা কলে যে তেওঁৰ তিনটা কথা মনত যায়। প্ৰথম তেওঁৰ জীয়েক, আইদেৱক বিবাহ দিব নোৱাৰিলে। দ্বিতীয় নগাঁওৰ সিন্ধুৰাক বাপেকৰ মঙ্গহ পুতেকক আৰু পুতেকৰ মঙ্গহ বাপেকক খুৱাব নোৱাৰিলে তৃতীয় চাৰিটা মানুহে পাইকৰ পোৱা কৰিব নোৱাৰিলে। বুঢ়াগোঁহাইয়ে স্বৰ্গদেৱৰ এই হুমুনিয়াহে সইতে কোৱা কথা শুনি কলে যে তেওঁ ই তিনিওটি 'আজ্ঞা প্ৰতিপালন কৰিব। তাৰ পাছ দিন৷ অৰ্থাৎ ১৭১৭ শুঁকৰ ২২ অগ্ৰহায়ণ, কৃষ্ণা চতুৰ্থীত স্বৰ্গদেৱ স্বৰ্গী হ’ল। সিংহাসনত উঠে এনে কেঁাঁৱৰ নথকাত পূৰ্ণানন্দ বুঢ়া গোঁহাইয়ে স্বৰ্গদেৱৰ মৃত্যুৰ সংবাদ গুপুতে ৰাখিলে। পাছে তেওঁৰ প্ৰতিদ্বন্দ্বী বড় বড়ুৱাই কিবা কেলেঙ্কাৰ কৰে এই ভাবি বড় বড়ুৱাক ঘৰৰ পৰ৷ স্বৰ্গদেৱৰ আজ্ঞাৰে মতাই আনি বড় চ’ৰাৰ মুখতে স্বৰ্গদেৱৰ আজ্ঞা বুলি বুঢ়া গোঁহাইৰ আজ্ঞাৰে বধ কৰা হ’ল। তাৰ পাছ দিন৷ কিনাৰাম গোঁহাইদেৱক বড় চ’ৰালৈ নি স্বৰ্গদেৱৰ মৃত্যু সংবাদ আৰু সেই গোঁহাইদেৱক স্বৰ্গদেৱে ৰজা মনোনীত কৰি গইছে, বুলি কই সকলোৱে ৰজা মানি সেৱা কৰিলে৷ গৌৰীনাথসিংহ স্বৰ্গদেৱৰ মুঠ ৰাজ্য ভোগৰ কাল বুৰঞ্জীত ১৪ বছৰ ৭ মাস ২২ দিন লেখিলেও ১৭০৯ শঁকৰ মাঘত মোৱামৰীয়াৰ উপদ্ৰবত ভাগি যোৱা কালৰে পৰা আকৌ ১৭১৫ শঁকৰ চ'তত ৰঙ্গপুৰ নগৰলই সিংহাসনত উঠা কালখিনি এড়িলে মুঠকৈ সিংহাসনত থকাৰ কাল ৮ বছৰ ৪ মাহ ২২ দিন মাত্ৰ। ৬ বছৰ তিনি মাহ ভগনীয়া ৰূপে স্বৰ্গদেৱ আছিল। ই সময়ত দ্ৰোহী মোৱামৰীয়াবিলাকে উজনিত ৰাজত্ব কৰিছিল। গৌৰীনাথ- সিংহ স্বৰ্গদেৱ অতি উদ্ধত স্বেচ্ছাচাৰী অথচ দুৰ্ব্বল আছিল। তেওঁৰ বিবেচনা শক্তি নীচেই স্থিৰ নাছিল। তেওঁক মতিচ্ছন্ন বুলিলেও দোষ নাই। তেওঁ এনে স্বেচ্ছাচাৰী ও উদ্ধত আছিল যে কপাহ নেওঠি থকা মানুহ এজনীয়ে তেওঁক বাটেৰে যোৱা দেখি নেওঠনীৰ মাত তেলেৰে মাৰোঁতে তেওঁৰে৷ কেতিয়াবা সেইজনী তিৰোতাই মাত মাৰিব এই ভাবি তাইৰ প্ৰাণদণ্ড কৰিলে। এদিন এ তেওঁৰ পাৰিষদে এটা চাপড় ১১৯