পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৮ আসাম বুৰঞ্জী শাস্তি কৰিলে৷* মোৱামৰীয়াৰ উপপ্লবৰ সময়ত ৰঙ্গপুৰ নগৰ একেবাৰে ছাৰখাৰ হ’ল। তেতিয়া ইমান প্ৰজা তাকৰ হ’ল যে বুঢ়াগোঁহাই ডাঙ্গৰীয়াই তাত ৰাজধানী থকা ভাল নেদেখি ১৭১৬ শঁকৰ শ্ৰাবণত যোৰহাট বাহৰলৈ স্বৰ্গদেৱক অনালে৷ ৰঙ্গপুৰ তেতিয়াৰ পৰা পৰিত্যক্ত নগৰ হ’ল। মোৱামৰীয়াবিলাকক দণ্ড বন্ধ কৰি আৰু যোৰহাটক নগৰ কৰাৰ পাছত স্বৰ্গদেৱ ও মন্ত্ৰী সকলোৰে দেশৰ উন্নতি কৰিবলৈ মন হ’ল।. সেইৰূপে যত্নও কৰা হ’ল। কিন্তু ৰজ৷ প্ৰজ৷ এনে দুৰ্ব্বল আৰু উৎপীড়িত আছিল যে সি যত্ন একেবাৰে বিফল হ’ল। গৌৰীনাথসিংহ স্বৰ্গদেৱৰ পুত্ৰ নাছিল৷ স্বৰ্গদেৱৰ শৰীৰ মাঝে মাঝে পীড়িত হই থকাত এজনা উত্তৰাধিকাৰীৰ নিতান্ত আৱশ্যক হ’ল। পূৰ্ণানন্দ বুঢ়া গোঁহাইয়ে এই নিমিত্তে এজন৷ কেঁাঁৱৰ হাতত লবলৈ ইচ্ছা কৰিলে। গদাধৰসিংহ স্বৰ্গদেৱৰ কনিষ্ঠ পুত্ৰ লেচাই নামৰূপীয়৷ ৰজাৰ পুত্ৰ আয়ুস্তুত গোঁহাই তেওঁৰ পুত্ৰ কদমদীঘল৷ গোঁহাই আৰু তেওঁৰ পুত্ৰ কিনাৰাম গোঁহাইদেৱক ৰজাৰ যোগ্য হেন দেখি বুঢ়া গোঁহাইয়ে যোৰহাটলৈ অনালে। যদিচ সকলোৱে ই কথা জানিছিল তথাপি সি অভিপ্ৰায়ৰ বিৰুদ্ধে কাৰে৷ একে৷ কোৱা শক্তি নহ'ল। বিশেষকৈ বড় বড়ুৱাক তেওঁ কিছু অবিশ্বাস কৰিছিল। কিয়নো তেওঁৰ কাৰ্য্যত কেতিয়াবা কেতিয়াবা বড় বড়ুৱাই প্ৰতিবাদ কৰিছিল। ক্ৰমে স্বৰ্গদেৱৰ শৰীৰ অসুস্থ হই আহিল। কিন্তু তেওঁৰ শৰীৰৰ প্ৰতি ইমান বিশ্বাস আছিল যে নিজৰ দৌৰ্বল্য বিশেষকৈ প্ৰকাশ নকৰিছিলে। পিছে দ্ৰোহ ও ক্ৰোধত পড়ে এই ভয় কৰি আনে ও ৰজাক উত্তৰাধিকাৰীৰ বিষয় সুধিবলৈ শঙ্ক| কৰিছিল। পূৰ্ণানন্দ বুঢ়া গোঁহাইয়ে কথা বিষম হেন বুঝি স্বৰ্গদেৱত হুঁধিলে “পাইকেনো কি কৰিম”। মন্ত্ৰীৰ এই ইঙ্গিত বুজি স্বৰ্গদেৱে কেবল এই কথা মাত্ৰ কলে বোলে

  • দেশত আকৌ তেতিয়া এনে হ'ল যে মোৱামৰীয়৷ মহন্তৰ শিষ্য বুলিলেই বধৰ

পাত্ৰ হ'ল৷ নগাঁওত মোঁৱামাৰী কুড় নামে কলঙ্গ নদীৰ এক কুড় আছে। তাতে বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰ আজ্ঞানুসাৰে ৰহীয়াল বড়ুয়াই বহু মোৱামৰীয়া কাটি বা আন প্ৰকাৰে প্ৰাণে মাৰি পেলাই দিলে। সেই কাৰণে সেই কুড়ৰ নাম “মোঁৱামাৰী কুড়” হ’ল।