সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
দশম অধ্যায়

বিলাকৰ অনেক মৰিল। পাছে সেই সিপাহীকেইটাই খেদি যোৱাত নগৰৰ দুৱাবৰ পৰা শত্ৰুবিলাক নিঃশেষে পলাল। তাৰ পিছত আৰু কিছুমান ব্ৰিটিশ সৈন্য যোৱাত মোঁৱামৰীয়া পলাই ফাট মাৰিলে। সেইদিনাই গধূলি নগৰৰ দুৱাৰ মেলা হ’ল। তাৰে পৰা মানুহ যোৱা অহা কৰিবলৈ ধৰিলে। তাৰ পিছদিনা বুঢ়া গোঁহাই ডাঙ্গৰীয়া আহি স্বৰ্গদেৱক নগৰলৈ লই গ’ল। সাহাবো সি লগতে ১৭১৭ শঁকৰ চ’তত নগৰ প্ৰবেশ কৰিলে।

 গৌৰীসিংহ পুনৰায় সিংহাসনত উঠিল। কাপ্তান ওৱেল্‌স্ সাহাবে স্বৰ্গদেৱ, মন্ত্ৰী আৰু আন আন ডাঙ্গৰ ডাঙ্গৰ কৰ্ম্মচাৰীসকলক সুন্দৰ হিতোপদেশ দিলে। এবং গবৰ্ণৰ জেনেৰেলৰ উপদেশ বুঝাই কলে। তেওঁৰ এনে ইচ্ছা আছিল যে দেশ সুস্থিৰ কৰিবলৈ কিছুমান সৈন্য ৰাখিব আৰু তাৰ ব্যয় কামৰূপৰ উৎপন্নৰ পৰা দিব।

 এনে কথা কোনোয়ে কয় বোলে মন্ত্ৰী ডাঙ্গৰীয়াই গবৰ্ণৰ সাহাবলৈ কাপ্তান সাহাবে ৰজাৰ ভঁড়াল লুটি নিয়া আৰু দেশত সিপাহীৰ হতুৱাই আন আন অত্যাচাৰ কৰোৱাইছে বুলি পত্ৰ লিখিছিল। মন্ত্ৰী ডাঙ্গৰীয়া অতিশয় ক্ষমতাপ্ৰিয় থকাৰ হেতুকে সাহাবে কোনো কোনো ৰাজকীয় কাৰ্য্যত পৰামৰ্শ দিয়াত হাত লগোৱা ভাল নাপাই সেইৰূপে লিখিছিল। সি যিবাকি নহওক লৰ্ড কৰ্ণওৱালিস্ গবৰ্ণৰ সাহাব ইতিমধ্যতে ইংলণ্ডলৈ গ’ল। তেওঁৰ পদত সৰজন্ সোৰ সাহাব গবৰ্ণৰ হ’ল। এতিয়া ব্ৰিটিশ গবৰ্ণমেন্টে এনে সিদ্ধান্ত কৰিলে বোলে আনৰ দেশৰ আভ্যন্তৰিক কাৰ্য্যত গবৰ্ণমেণ্টৰ হাত দিবৰ একো সকাম নাই। এই কাৰণে কাপ্তান ওৱেল্‌‌স সাহাবে বৰকৈ লেখাতো গৱৰ্ণমেণ্টে ই দেশৰ পৰা সাহাবক কলিকাতালৈ যাবলৈ আজ্ঞা কৰিলে। তদনুসাৰে কাপ্তান সাহাব সসৈন্যে ১৭৯৪ সনৰ জুলাই মাহত ভটীয়াই গ’ল। এই ঘটনা প্ৰকৃতে বড় শোকজনক। সেই দূৰদৰ্শী সেনাপতিৰ কথাৰ প্ৰতি গৱৰ্ণমেন্টে মন দিয়া হলে ই দেশত ইয়াৰ পাছত উপদ্ৰব হ’বৰ সম্ভাৱনা নাছিল। সাহাব থকা সময়ত অতি অলপ মাত্ৰ মোঁৱামৰীয়াক দ্ৰোহী বুলি দণ্ড কৰা হ’ল। সাহাব ভটীয়াই গ’লতে বিস্তৰ মোঁৱামৰীয়া ধৰাই আনি বুঢ়া গোঁহাইয়ে অতি কঠিন