সমললৈ যাওক

পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
আসাম বুৰঞ্জী

ৰজাক লই উজাই যাওঁতেই মোঁৱামৰীয়াবিলাকে ভাটী ফালৰ পৰা উজাই নগৰৰ ফাললৈ গ’ল। ১৭৯৩ শঁকৰ মাৰ্চ্চ মাহত নগৰৰ ওচৰ পাই সাহাবে সৈন্যসকলৰ ছাউনী কৰি মোঁৱামৰীয়াবিলাকৰ প্ৰকৃত অবস্থা জানিবলৈ চৰ পঠালে। সিহঁতে নগৰৰ চাৰিওফালে বড় সমাৰোহেৰে আছিল। এনে কথা কোৱা আছে যে যদি ব্ৰিটিশ সেনা সেইদিনা নাপায়, তেন্তে তাৰ পাছ দিনাই মোঁৱামৰীয়াই নগৰ প্ৰবেশ কৰিলেহেঁতেন। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই খোৱা বস্তুৰ অভাবত বড় ক্লেশেৰে নগৰ ৰক্ষা কৰি আছিল। পাছদিনা ৰাতিপুৱা সাহাবে ১২ টা সিপাহী, এজন জমাদাৰ, এজন নায়েক, এজন বিকুল আলা আৰু এজন হাৱালদাৰে সইতে নগৰৰ সমীপলৈ পঠাই দিলে। স্বৰ্গদেৱে ইয়াকে দেখি বড় দুঃখিত হ’ল কিয়নো সেই হাতৰ মুঠিৰে এমুঠি নোহোৱা সিপাহীকেইটাই যে পাঁচ হাজাৰ মোঁৱামৰীয়াক কিবা কৰিব পাৰিব ইয়াক তেওঁ নেজানিছিল। ইফালে সাহাবে তেওঁৰ অধীনৰ প্ৰায় সকলো সৈন্যকে প্ৰস্তুত কৰি ৰাখিলে। ইমান তাকৰ সিপাহী মোঁৱামৰীয়াৰ ছাউনীৰ ফালে যোৱা দেখি সিহঁতে বড় উল্লাসেৰে আছিল। ব্ৰিটিশ সিপাহীয়ে গম্ভীৰ গতিৰে গইহে আছিল। মোঁৱামৰীয়াবিলাকে সেই সিপাহীকেইটাৰ উগ্ৰসাহ দেখি চাৰিওফালে বেৰি এনে ৰূপে হাঁহিলে যেন সিহঁতক গুলি পিহি সাঙ্গ কৰিব। সিহঁতে টাঙ্গোন, চূণ ঘঁহা বাঁহ কাঠৰ দা, ধেনুকাঁড় প্ৰভৃতি যি অস্ত্ৰ লই দেশ ছাৰখাৰ কৰিছিল, সি সকলো লই আহিল। কেতবিলাকে এনে আশা কৰি খোৱা লোৱাৰ বন কৰি আছিল, বোলে সেই দুঃসাহসী সিপাহীকেইটাক মাৰি সিহঁতৰ লগৰ আন সিপাহী আৰু সাহাবক বধ কৰিব। সিহঁতৰ কোনোএ এই বুলি আক্ষেপ কৰিছিল বোলে এনে জনা হ’লে মাঝ বাটতে সিপাহী দলক আধ্যা কৰিব পাৰিলোঁহেঁতেন। সিহঁতে নাজানিছিল যে যুদ্ধ কৰা এট৷ বিদ্যা আৰু তাক শিক্ষা কৰিব লাগে। যেতিয়া চাৰিওফালে মোঁৱামৰীয়াই বেৰি ধৰি, ধেনু, কাঁড় আৰু টাঙ্গোন সিপাহীলৈ চলাব ধৰিলে, তেতিয়া সিপাহীবিলাক চাৰি চুকীয়া ভাবে থিয় হই বন্দুক মাৰিবলৈ ধৰিলে। ৰাধাৰুক্মিণীৰ বন্দুকৰ গুলীৰ আঁচল পাতি লোৱা পৰাক্ৰমৰ কথা এতিয়া শেষ হ’ল। মোঁৱামৰীয়া-