পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ৰজাক নই উজাই যাওঁতেই মোৱামৰীয়াবিলাকে ভাটী ফালৰ পৰা উজাই নগৰৰ ফাললৈ গ'ল। ১৭৯৩ শঁকৰ মাৰ্চ মাহত নগৰৰ ওচৰ পাই সাহাবে সৈন্যসকলৰ ছাউনী কৰি মৌৱামৰীয়াবিলাকৰ প্ৰকৃত অবস্থা জানিবলৈ চৰ পঠালে। সিহঁতে নগৰৰ চাৰিওফালে বড় সমাৰোহেৰে আছিল। এনে কথা কোৱা আছে যে যদি ব্ৰিটিশ সেনা সেইদিনা নাপায়, তেন্তে তাৰ পাছ দিনাই মোৱামৰীয়াই নগৰ প্ৰবেশ কৰিলে- হেঁতেন। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই খোৱা বস্তুৰ অভাবত বড় ক্লেশেৰে নগৰ ৰক্ষা কৰি আছিল। পাছদিনা ৰাতিপুৱা সাহাবে ১২ টা সিপাহী, এজন জমাদাৰ, এজন নায়েক, এজন বিকুল আল৷ আৰু এজন হাৱালদাৰে সইতে নগৰৰ সমীপলৈ পঠাই দিলে। স্বৰ্গদেৱে ইয়াকে দেখি বড় দুঃখিত হ’ল কিয়নো সেই হাতৰ মুঠিৰে এমুঠি নোহোৱা সিপাহীকেইটাই যে পাঁচ হাজাৰ মোৱামৰীয়াক কিবা কৰিব পাৰিব ইয়াক তেওঁ নেজানিছিল। ইফালে সাহাবে তেওঁৰ অধীনৰ প্ৰায় সকলে৷ সৈন্যকে প্ৰস্তুত কৰি ৰাখিলে৷ ইমান তাকৰ সিপাহী মোৱামৰীয়াৰ ছাউনীৰ ফালে যোৱা দেখি সিহঁতে বড় উল্লাসেৰে আছিল। ব্ৰিটিশ সিপাহীয়ে গম্ভীৰ গতিৰে গইহে আছিল৷ মোৱামৰীয়াবিলাকে সেই সিপাহীকেইটাৰ উগ্ৰসাহ দেখি চাৰিওফালে বেৰি এনে ৰূপে হাঁহিলে যেন সিহঁতক গুলি পিহি সাঙ্গ কৰিব৷ সিহঁতে টাঙ্গোন, চূণ ঘঁহা বাঁহ কাঠৰ দা, ধেনুকাঁড় প্ৰভৃতি যি অস্ত্ৰ লই দেশ ছাৰখাৰ কৰিছিল, সি সকলে৷ লই আহিল। কেতবিলাকে এনে আশা কৰি খোৱা লোৱাৰ বন কৰি আছিল, বোলে সেই দুঃসাহসী সিপাহীকেইটাক মাৰি সিহঁতৰ লগৰ আন সিপাহী আৰু সাহাবক বধ কৰিব। সিহঁতৰ কোনোএ এই বুলি আক্ষেপ কৰিছিল বোলে এনে জন৷ হ’লে মাঝ বাটতে সিপাহী দলক আধ্যা কৰিব পাৰিলোঁহেঁতেন। সিহঁতে নাজানিছিল যে যুদ্ধ কৰা এট৷ বিদ্য| আৰু তাক শিক্ষা কৰিব লাগে। যেতিয়া চাৰিওফালে মোৱামৰীয়াই বেৰি ধৰি, ধেনু, কঁাঁড় আৰু টাঙ্গোন সিপাহীলৈ চলাব ধৰিলে, তেতিয়া সিপাহীবিলাক চাৰি চুকীয়া ভাবে থিয় হই বন্দুক মাৰিবলৈ ধৰিলে৷ ৰাধাৰুক্মিণীৰ বন্দুকৰ গুলীৰ আঁচল পাতি লোৱা পৰাক্ৰমৰ কথা এতিয়া শেষ হ’ল। মোৱামৰীয়া-