পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম অধ্যায় ১১ বিলাকৰ ভগনী শুনি কৃষ্ণনাৰায়ণৰ সৈন্য ভাগিল। কাপ্তান সাহাব গই কৃষ্ণনাৰায়ণক ধৰিলে। তেওঁ সোধাত ইয়াকে কলে বোলে গৌৰীনাথৰ বিৰুদ্ধে দ্ৰোহকৰ৷ তেওঁৰ অভিপ্ৰায় নাছিল। মোৱামৰীয়াৰ হাতৰ পৰা দেশ ৰক্ষা কৰাই তেওঁৰ মুখ্য উদ্দেশ্য, কিন্তু গৌৰীনাথসিংহ স্বৰ্গদেৱে তেওঁৰ অভিপ্ৰায় বুজিব নোৱাৰি তেওঁক বিদ্ৰোহী বুলি কইছে। শেষত কাপ্তান সাহাবে কৃষ্ণনাৰায়ণক কই এনে নিৰ্ব্বন্ধ কৰোৱালে যে কৃষ্ণনাৰায়ণে দৰঙ্গ, ছুটীয়া, চাই-দুৱাৰৰ পৰা মানুহ দিয়াৰ পৰিবৰ্ত্তে ৫৫০০০ টকা আৰু ভোটানে সইতে বেপাৰৰ মাসুলৰ বাবে ৩০০০ তিনি হাজাৰ, সৰ্ব্বমুঠে ৫৮০০০ টক৷ বছৰি ৰজাক দিব। গুৱাহাটীত থাকোঁতে কাপ্তান ওয়ালিস্ সাহাবে ইয়াকে সুন্দৰকৈ জানিলে, বোলে গৌৰীনাথসিংহ অতিশয় দুৰ্দ্দান্ত, ক্ৰুৰ, মতিচ্ছন্ন আৰু অবিবেচক। তেওঁৰ বুদ্ধি ও বিবেচন৷ এনেহে দুৰ্ব্বল আৰু ভ্ৰান্ত যে দেশ সুস্থিৰ হলেও তেওঁ শাসন কাৰ্য্য ভালকৈ কৰিব নোৱাৰিব। এইৰূপে কলিকাতাৰে৷ গবৰ্ণৰ জেনেৰেললৈ পত্ৰ লিখাত তেওঁ এনে আজ্ঞা কৰিলে বোলে দেশৰ সকলে৷ ভদ্ৰলোক আৰু বিষয়াসকলক চপাই সিসকলে সইতে মন্ত্ৰণা কৰি যাতে দেশত সুশাসন হ’ব পাৰে তাৰ উপায় কৰিব কাপ্তান সাহাবে আৰু ইয়াকে৷ জনাইছিল যে ৰজাৰ অন্যায় আচৰণ দ্বাৰাহে কৃষ্ণনাৰায়ণ প্ৰভৃতিয়ে দ্ৰোহ কৰিবলৈ উদ্যোগ কৰিছিল। কাপ্তান ওৱেল্স, সাহাব গুৱাহাটী পাই দ্ৰোহ নিবাৰণ কৰি থাকোতেই ভাত জহনীৰোগ হয়। এনে প্ৰবাদ আছে বোলে তাৰ পূৰ্ব্বে ই দেশত এই ৰোগ নাছিল। এই ৰোগতে দেশৰ ভগনীয়া আৰু তাত থকা অনেক লোকৰ মৰণ হয়। একেই দেশৰ অতি অমঙ্গল, তাতে এই মাৰাত্মক ব্যাধি এনে স্থলত যেনে অৱস্থ৷ আছিল তাক অনুমান কৰিব পাৰি। কাপ্তান সাহাবে' ইয়াৰ পাছত উজনি খণ্ড দেশলৈ যাবৰ ইচ্ছা কৰিলে। স্বৰ্গদেৱৰ যাবৰ মন নাছিল কিন্তু ৰজাক এক প্ৰকাৰ ধৰি নিয়াৰ দৰে লই গ'ল। ৰজাৰ এনে বিশ্বাস নাছিল যে ইমান অলপ সৈন্যেৰে মোৱামৰীয়াবিলাকক সেই সাহাবে খেদিব পাৰিব। সাহাবে