পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় অধ্যায়

নগাওঁৰ খাগৰি জান, উত্তৰ কূলে দৰঙ্গ জিলাৰ শিঙ্গৰী পৰ্য্যন্ত সৰকাৰ কামৰূপৰ সীমা। তাৰ সিফালে এতিয়া গুৱালপাড়া জিলাৰ প্ৰায় সমুদায় সৰকাৰ ঢেকুৰীৰ অন্তৰ্গত। এতিয়াও ব্ৰিটিশ গবৰ্ণমেণ্টেৰ অধিকাৰ হোৱাতো সেই অঞ্চলৰ ঘুল্লা পৰগণা প্ৰভৃতিৰ জমিদাৰৰ ৰাজস্বৰ চালানত সৰকাৰ “ঢেকুৰী” শব্দ লেখিছিল। আহোম বিলাকে যেতিয়া উজনিৰ পৰা ভটীয়াই ৰাজত্ব লবলৈ ধৰিলে তেতিয়া সৰকাৰ কামৰূপ প্ৰথমে লয়। আহোম ৰজাই কামাখ্যা দেৱালয় আৰু কামৰূপৰ অধিকাৰ হোৱাত— কামৰূপেশ্বৰ নাম গ্ৰহণ কৰিলে। কামৰূপৰ প্ৰজাবিলাকক আৰু জয়লব্ধ প্ৰদেশক “ঢেকেৰী” বুলি ঘৃণাজনক ৰূপে কলে। তেতিয়াৰ পৰাহে “ঢেকেৰী” শব্দ এক প্ৰকাৰ ঘৃণাজনক হইছে। কিয়নো পৰাজিত লোক সকলক জেতাৰ পৰা বিভিন্ন কৰিবলৈ “ঢেকেৰী” নাম প্ৰকাশ কৰা হ’ল। প্ৰকৃতে “ঢেকেৰী” শব্দে ঢেকেৰী প্ৰদেশ বা তাৰ লোককহে বুঝায়।[১]

 পুৰাণ আৰু তন্ত্ৰমতে কামৰূপক চাৰিপীঠকৈ ভাগ কৰা হইছে। কামপীঠ, ৰত্নপীঠ, সুবৰ্ণ বা স্বৰ্ণপীঠ আৰু সৌমাৰ পীঠ। কৰতোয়া নদীৰ পৰা স্বৰ্ণকোষ নদীলৈকে কামপীঠ। এই স্বৰ্ণকোষ এতিয়াৰ গুৱালপাড়া জিলা আৰু কোঁছবেহাৰৰ সীমা। স্বৰ্ণকোষৰ পৰা ৰূপিকা বা ৰূপহী নদীলৈকে ৰত্নপীঠ। ৰূপিকাৰ পৰা ভৈৰৱী অৰ্থাৎ ভৰলী নদীলৈকে স্বৰ্ণপীঠ। আৰু ভৈৰবীৰ পৰা দিকৰাই বা দিককৰবাসিনীলৈকে সৌমাৰ পীঠ। যি খণ্ডত এতিয়া কামাখ্যা দেবালয় আছে আৰু যি খণ্ড এতিয়া, কামৰূপ বুলি প্ৰসিদ্ধ সেই খণ্ড কামপীঠৰ মাঝত থকা যুক্তিসঙ্গত দেখা গলেও সেইৰূপ নাইকিছিল। সেই কামপীঠৰ মাঝত কোঁছবেহাৰ আৰু কমতাপুৰ (যি ঠাই কোনো এক সময়ত কামৰূপৰ ৰাজধানী আছিল ) তাত হে পড়ে। আহোম বিলাকৰ দিনত এজনা বড় ফুকনে বঙ্গাল অৰ্থাৎ মুসলমান হঁতক কৰতোয়া নদীলৈকে খেদি নিছিল। কিন্তু ১৫৯১ শকত লাচিত বড় ফুকনে ৰজা ৰামসিংহে সৈতে যুদ্ধ কৰি মানাহা নদীকে এই

  1. দৰঙ্গৰ ৰজা ঢেকেৰী প্ৰদেশৰ বিজনীৰ ৰজাৰ বংশ। সেই ৰজাই কামৰূপ কিছুমান ঠাইত ৰাজত্ব কৰাত ঢেকেৰী দেশৰ ৰজাৰ দ্বাৰা শাসিত দেশ দেখি আহোম বিলাকে তাৰ লোকক “ঢেকেৰী” নাম দিলে।