পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী গৌৰীনাথ ৰজাই ইয়াকে লিখিছিল বোলে হিন্দুস্থানী ফকীৰ কেত- বিলাকক কৃষ্ণনাৰায়ণ দ্ৰোহীয়ে আনি দেশ লণ্ডভণ্ড কৰিব লাগিছে। হিন্দুস্থানী লোকবিলাক ব্ৰিটিশ প্ৰজা। সেইবিলাকে অসম দেশত সোমাই দৌৰাত্ম্য কৰিছে তাক নিবাৰিবলৈ আৰু সিহঁতক খেদাই দিবলৈ ১৭৯২ ইং সনত কাপ্তান ওৱেলস্ সাহাবক লৰ্ড কৰ্ণওয়ালিশ গবৰ্ণৰ জেনেৰেলে কিছুমান সৈন্যে সইতে পঠাই দিলে। কাপ্তান সাহাব উজাই আহি প্ৰথমে হিন্দুস্থানী মানুহ ই দেশলৈ অহাৰ নিবাৰণৰ পক্ষে যত্ন কৰিলে। কিন্তু গুৱালপাড়াৰে সেই হিন্দুস্থানী- বিলাক দেশত নোসোমাই উত্তৰে ভোটৰ দেশেৰে আমাৰ দেশত সোমাবলৈ ধৰিলে। কাপ্তান সাহাবে ইয়াকে দেখি সিবিলাকক যেনে তেনে মতে খেদাবলৈ উপক্ৰম কৰিলে। ইফালে ভৰতসিংহ ৰজা হই কঠিন ৰূপে দেশ শাসিবলৈ ধৰিলে। যাকে সিহঁতৰ বিপক্ষ যেন জানিলে, তাকে ধৰি আনি দণ্ড বন্ধ কৰে। আপোনাৰ সেনাবিলাকক এই আজ্ঞা দিলে যে যেনে তেনে ৰূপে দেশ লুটি পুটি অধিকাৰ কৰে আৰু আহোমৰ নিবংশ -কৰে। ৰাস্, সাহাবে পঠোৱ৷ বৰকান্দাজ আৰু মণিপুৰৰ ৰজাৰ সৈন্য যেতিয়া পৰাস্ত হ’ল তেতিয়৷ মোৱামৰীয়াবিলাকে জানিলে, নিষ্কণ্টকে ৰাজ্য ভোগ কৰিব এই ভাবি অনেক সৈন্য লই কেতবিলাক মোৱামৰীয়া লুইতৰ দক্ষিণ পাৰেৰে ভটীয়াই গুৱাহাটীৰ ফালে গ’ল, যিফালে সিফালেই দেশ অধিকাৰ হই গ’ল। গৌৰীনাথসিংহে এই বাৰ্তা পাই লগত কিছুমান লোক লই ভটীয়াই গ'ল। কাপ্তান ওৱেল্‌ল্স, সাহাব গুৱালপাড়া পাই ১৭৯২ সনত ১৬ নবেম্ববত উজাই আহিল, তিনি দিনৰ পিছত নগৰবেৰাৰ ওচৰতে গৌৰীনাথসিংহ স্বৰ্গদেৱে সইতে সাক্ষাৎ কৰিলে। এই সৈন্য যোৱাত ৰজাৰ অলপ সাহস হ'ল। কাপ্তান সাহাবে ৰজাৰ মুখে দেশৰ অৱস্থা ভালকৈ জানিব পাৰিলে। নবেম্বৰ ২৯ তাৰিখে সাহাবে গুৱাহাটী ল’লে, মোৱামৰীয়াবিলাক ছিন্নভিন্ন হই গ’ল। গুৱাহাটী পুনৰায় লওঁতে ব্ৰিটিশ সৈন্যৰ এফেৰিও ৰক্তপাত নহল। গৌৰীনাথসিংহক গুৱাহাটীতে থই কাপ্তান সাহাব ছয় ডিসেম্বৰৰ দিনা লুইতৰ উত্তৰ কুললৈ গ'ল। মোৱামৰীয়া- ১১৪