পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম অধ্যায় এজনা সাহাব সি সময়ত আহিল। তেওঁ লোণ আৰু আন আন বস্তুৰ বেপাৰ কৰিছিল। গৌৰীনাথ সিংহে নিৰুপায় ভাবি সাহাবক বিশেষৰূপে পুৰস্কাৰ দিবলৈ প্ৰতিজ্ঞা কবি সাহাবৰ দ্বাৰাই ব্ৰিটিশ গবৰ্ণমেণ্টৰ সাহায্য লবলৈ উপায় কৰিলে। সাহাবে সাত শ বৰকান্দাজ সিপাহী ৰজাক দিয়াত সেই সিপাহী বজাই নগাঁওৰ বাটে উজাই পঠালে। নগাঁওত যি জোহভাৱ আছিল, সি গুছিল হয় কিন্তু সেই বৰকান্দাজ যেতিয়া উজনিলৈ গ'ল তেতিয়৷ যোৰহাটৰ ওচৰতে সকলোখিনিকে শত্ৰুৱে কাটিলে। ১১৩ কিছু দিনৰ মূৰত মণিপুৰৰ ৰজাই ৫০০ অশ্বাৰোহী আৰু চাবি হেজাৰ ৪০০০ পদাতি সৈন্য লই ৰজাৰ সাহায্যৰ অৰ্থে ই দেশলৈ আহিল। উজনিলৈ গলত মোৱামৰীয়াই সইতে যুদ্ধ হোৱাত ১৫০০ মান সেনা মলিত মণিপুৰীয়া সেনা দেশলৈ উলটি গ’ল। কোনো বিপদ অকলে নপড়ে। হলাগছ দেখিলে সকলোৱে কুঠাৰ মাৰে এইটি নীতি কথা। মোৱামৰীয়াৰ উপদ্ৰবত ৰজা আৰু ৰাইজৰ থৰকাছুটি নোহোৱা সময়ত দৰঙ্গৰ কৃষ্ণনাৰায়ণ কোঁৱৰে বিষ্ণুনাৰায়ণ ৰজাক ভাঙ্গি দৰঙ্গৰ ৰজা হ'ল। আৰু গৌৰীনাথসিংহৰ দুৰ্ব্বল অৱস্থাৰ সুযোগতে কামৰূপ খণ্ড দেশ লবলৈ ইচ্ছা কৰি কেতবিলাক হিন্দুস্থানী আৰু বঙ্গালী সন্ন্যাসীৰ নিচিনা সেন৷ লই গুৱাহাটী আক্ৰমিবলৈ আহিল। কামৰূপৰ লোকসকলক পৰাজিত ভাবি আহোমবিলাকে বড় অবজ্ঞা কৰিছিল। আনকি গধূলি গুৱাহাটী নগৰৰ ভিতৰত থাকিবলৈ নিদিছিল। ইয়াতে সি ঠাইৰ কোনো কোনে৷ মুখ্য মুখ্য লোকেও কৃষ্ণনাৰায়ণৰ ফলীয়া হ’ল। গৌৰীনাথসিংহে বড় বিপদ ভাবি ব্ৰিটিশ গৱৰ্ণমেণ্টৰ সাহায্য লবলৈ ইচ্ছা কৰি গুৱাহটীয়া বিকা মজুমদাৰ দণ্ডৰাম খাওন্দ আৰু দৰঙ্গৰ ভগা ৰজা বিষ্ণুনাৰায়ণক কলিকতালৈ পঠালে T গুৱালপাড়াৰ সদাগৰ ৰাস্ সাহাবে কলিকতাৰ কলবিন্ বাজেট্, কোম্পানীলৈ চিঠি দিলে। সি সময়ত বঙ্গ প্ৰদেশৰ গবৰ্ণৰ জেনেৰেল মাকু ইস্‌স্ কৰ্ণওয়ালিস্ আছিল। তেওঁ ৰজাৰ মিনতি পত্ৰ পাই প্ৰথমে সাহায্য কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল। কিয়নো আপোনাৰ মাজত যি বিবাদ তাত আনৰ পক্ষে এক পক্ষক সহায় কৰা ৰাজনীতি বিৰুদ্ধ। কিন্তু ১৫