পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
১১২
আসাম বুৰঞ্জী

যুদ্ধ কৰি ফুৰি শেষত এক যুদ্ধত নিজে প্ৰাণ পৰিত্যাগ কৰে। মোৱা- মৰীয়াবিলাকে যি অস্ত্ৰৰ সাহায্য লই যুদ্ধ কৰিছিল সি অস্ত্ৰৰেই অনেক ৰাজকীয় সেনা মাৰিলে। সিহঁতৰ যে হানি নহল এনে নহয় কিন্তু তুলনা কৰিলে দ্ৰোহী সেনা তাকৰ মৰিল। গৌৰীনাথসিংহ স্বৰ্গদেৱৰ প্ৰধান ইচ্ছা এই আছিল মণিপুৰ কছাৰী আৰু জয়ন্ত৷ ৰজাৰ সাহায্য লই দ্ৰোহ নিবাৰণ কৰে। এই ভাবি কলঙ্গেৰে সোমাই নগাঁওলৈ আহিল। ইয়াৰ পূৰ্ব্বেই সি ৰজাৰ ওচৰলৈ তেওঁ সাহায্য প্ৰাৰ্থী কটকী পঠাইছিল। স্বৰ্গদেৱ ৰূপহীৰ ওচৰতে বাহৰ কৰি থাকিল। মোঁৱণ- মৰীয়া মহন্তৰ শিষ্য কেৱল উজনিত আছে, এনে নহয় নগাঁও আৰু আন আন ঠাইতো আছে। নগাঁওতে৷ স্বৰ্গদেৱে দ্ৰোহভাৱ দেখিলে আৰু ইয়াৰ লোকসকলেও ৰজা পলাই অহাত ত্ৰাসযুক্ত হ’ল। সিন্ধুৰা হাজৰীকা নামে মানুহ এটাই কিছুমান মানুহ লই স্বৰ্গদেৱৰ ওচৰলৈ গল। বিস্তৰ লোক ৰজাৰ বাহৰৰ কালে অহা দেখি স্বৰ্গদেৱ ত্ৰাস যুক্ত হই পলাই যাবলৈ উপায় চিন্তিলে। ইফালে সিন্ধুৰাৰ লোকে নৈত যি বাঁহৰ দলঙ্গ আছিল, তাক ভাঙ্গি দিলে। স্বৰ্গদেৱ নিৰুপায় হ’ল। ইফালে কছাৰী আৰু জয়ন্তাৰ পৰাও কটকী নুঘূৰিল। পৰিশেষত স্বৰ্গদেৱ গুৱাহাটীৰ ফালে ভটীয়াই গ'ল। এনে প্ৰবাদ আছে বোলে সেই সিন্ধুৰাই বিস্তৰ মানুহ লই পিছে পিছে খেদি গইছিল৷ তেতিয়াৰে পৰা সিন্ধুৰা ও নগঁয়া লোকবিলাকক “ৰজা খেদা নগঁয়৷” বুলি দ্ৰোহী বোলা হ’ল। স্বৰ্গদেৱ নিৰ্ব্বিঘ্নে গুৱাহাটী পালে গই হয় কিন্তু তাতে তেওঁৰ বিপদ নগল। কছাৰী আৰু জয়ন্তাৰ ৰজাই নিজ দেশ ৰক্ষা কৰিবলৈ যিমান আৱশ্যক তাতকৈ অধিক সৈন্য নথকাৰ নিমিত্তে দিব নোৱাৰোঁ বুলি উত্তৰ দিলে। গুৱাহাটীত বড় ফুকনে সইতে মন্ত্ৰণা কৰি দাঁতি পাৰৰ আৰু আন আন ঠাইৰ কিছুমান সেন৷ গৌৰীনাথসিংহ স্বৰ্গদেৱে বুঢ়া গোঁহাইৰ সাহায্যৰ নিমিত্তে উজাই পঠালে। বাটত যাওঁতেই এই সৈন্য নানা ঠাইত মোঁৱা- মৰীয়াবিলাকৰপৰ৷ বাধা পাই গইছিল। শেষত নগৰৰ সমীপতে যুদ্ধ হোৱাত সেই সৈন্য ঘাটি পলাই আহিল। গুৱালপাড়াত ৰাস্ নামে