পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 দশম অধ্যায় নগৰৰ বিপক্ষে পঠালে হয় কিন্তু চাবিকালব পৰ৷ যোৱামৰীয়াই নগৰ আক্ৰমিবলৈ আহিল। সিবাৰৰ দৰে এইবাৰো এনেটে৷ হইছিল যে মোৱামৰীয়াহঁতক বন্দুকৰ গুলীয়েও একে| কৰিব নোৱাৰিলে। দা, টাঙ্গোন লই মোৱা- মৰীয়াৰ সৈন্য বড় বিক্ৰমেৰে আগুৱাই আহিল। চূণ লগোৱা কাঠৰ দ৷ লোৱা মানুহৰে অসংখ্য দেখি আৰু ৰাধাৰুক্মিণীৰ বীৰত্বলৈ স্মৰণ কৰি আমাৰ সৈন্য চমৎকৃত হ’ল। অধিক কি হুঁহকি আহিল। যি যি ফালে বাজকীয় সেন৷ গ’ল, সি সি ফালেই ত্ৰাসযুক্ত হই আমাৰ সৈন্য হুঁহকিল। দ্ৰোহীবিলাক একেই ধৰ্ম্মান্ধ আছিল, তাতে দুবাৰ তিনিবাৰ সম্মুখ সংগ্ৰামত জয় হোৱাত সিহঁতৰ সাহ বাঢ়িল। ইফালে ৰাজকীয় সৈন্য ত্ৰাসযুক্ত হই হুঁ’হকিবলৈ ধৰিলে। আমাৰ সেনা কম দেখি দাঁতি পাৰৰ পৰা মানুহ অনাবলৈ ধৰোঁতে জুমে জুমে যি মোৱামৰীয়া দেশৰ চতুৰ্দ্দিশে ফুৰিছিল, সিসকলৰ দ্বাৰা পৰাভূত হ'ল। আনকি মোৱামৰীয়াৰ চৰিয়৷ সৈন্যে আমাৰ মানুহ দহোটাকো একেলগ হবৰ নিমিত্তে নিবাৰণ কৰিবলৈ ধৰিলে। ৰাজ্যত বড় হুলস্থুল হ’ল। এবং প্ৰজাবিলাক একেবাৰে হতাশ হ’ল। ১১১ স্বৰ্গদেৱে মন্ত্ৰী বুঢ়া গোঁহাই ডাঙ্গৰীয়াৰে মন্ত্ৰণা কৰি ভটীয়াই আহিল। ডাঙ্গৰীয়া সসৈন্যে নগৰতে থাকিল। মোৱামৰীয়াৰ্লিাক নগৰ নৌপাওঁতেই ডাঙ্গৰীয়াই চাৰিওফালে এটা গড় বান্ধিলে, সেই হেতুকে দ্ৰোহী সেনাবিলাকে নগৰ প্ৰবেশ কৰিব নোৱাৰিলে এই গড়কে বিবুধিগড়ো বুলিছিলে। স্বৰ্গদেৱ সপৰিবাৰে ভটীয়াই আহিল, ইয়াকে দেখি উজনিৰ প্ৰজ়াৰে৷ অনেকে কোনো ভটীয়াই আহিল, কোনো দাঁতি পাৰে গল আৰু কোনো মহাকষ্ট পাই ইফালে সিফালে থাকিলে। মোঁৱামৰীয়াবিলাকৰ সেনাই সকলোকে লুটি পুটি নগৰ পৰিবেষ্টন কৰি থাকিল। নগৰৰ ভিতৰৰ মানুহ খনি তাতে ৰক্ষা পড়ি থাকিল জয় সাগৰৰ ওচৰতে মোৱামৰীয়াৰে শেষ যুদ্ধ হয়। তাতে ৰাজকীয় সৈন্য পৰাস্ত হোৱাত সেই সৈন্য দল ছিঙ্গি ভাঙ্গি গ'ল। মোৱামৰায়াবিলাক সিহঁতৰ দলপতি এজনক ভৰতসিংহ নাম দি ৰজা পাতিলে। বড় পাত্ৰ ডাঙ্গৰীয়াই মোৱামৰীয়াবিলাকে সইতে ঠায়ে ঠায়ে