পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী মানুহে গুৰুৰ বাক্য ও কাৰ্য্যকে সাক্ষাৎ ঈশ্বৰৰ আজ্ঞা আৰু কাৰ্য্য বুলি মানে, মোৱামৰীয়াবিলাক সি শ্ৰেণীৰ লোক। সিহঁতে অনেক গুৰুতব দণ্ড পাইও তাৰ প্ৰতি বড় ভয় নকৰিছিল। বৰঞ্চ গুৰুৰ প্ৰিয়কাৰ্য্য সাধন বুলি মানিছিল। সিহঁতে তলে তলে সিহঁতৰ ধৰ্ম্মাক্ৰান্ত যাবতীয় লোকলৈ সেই দ্ৰোহজনক বাৰ্তা পঠালে। সকলোৱে একবাক্য হ'ল। কোনেও পিছ হুহকিবলৈ বাঞ্ছা নকৰিলে। একে ধৰ্ম্ম আৰু মতৰ দ্ৰোহী, ইয়াকে বুজাবলৈ প্ৰধান প্ৰধান লোকসকলে কেতবোৰ ঠাৰ চলাই দিলে।* সিহঁতৰ পূৰ্ব্বৰ দুবাৰ উদ্যম ভঙ্গ হোৱাত এইবাৰ তেনে নহবলৈ একেবাৰে কৃতসঙ্কল হ'ল। কিন্তু কি ছলত সি সংকল্প কাৰ্য্যলৈ আনে তালৈ বাট চাই আছিল৷ লক্ষ্মীসিংহ স্বৰ্গদেৱৰ দিনতে ভয় পাই পলাই নানা ঠাইত থকা মোৱামৰা মহন্তৰ শিষ্যসকলো পলাই থকা ঠাইৰ পৰ৷ আহি জ্ঞাতিৰ সঙ্গ ললে। ইতিমধ্যতে ঘনশ্যাম বুঢ়া গোঁহাইৰ মৃত্যু হ’ল। তেওঁৰ সুযোগ্য পুত্ৰ পূৰ্ণানন্দ বুঢ়া গোঁহাই মন্ত্ৰী হ’ল। এওঁ বৰ বুদ্ধিমন্ত আৰু কীৰ্ত্তিপ্ৰিয় লোক আছিল। পূৰ্ব্বে যিৰূপে ৰাজ্য শাসনৰ প্ৰণালী আছিল, তাতকৈ অন্যমতে কৰিবলৈ ধৰিলে মোৱামৰীয়াবিলাকৰ দ্ৰোহৰ উদ্যমৰ কথা বুজ পাই তেওঁ তাক নিবাৰণৰ অৰ্থে উপায় চিন্তিবলৈ ধৰিলে। তেওঁ ভাবিলে বোলে কঠিন শাসনতকৈ সামান্য দণ্ডই যথেষ্ট হ'ব। এই বিবেচনা কৰি যিবিলাক লোকৰ ড্ৰোহভাব জানিব পাৰিলে সিবিলাকক সামান্য দণ্ড দিবলৈ ধৰিলে। ৰাজদ্ৰোহ নিবাৰিবৰ নিমিত্তে গুৰু দণ্ডই প্ৰশস্ত। মোৱামৰীয়াবিলাকে পূৰ্ণানন্দ বুঢ়া গোঁহাইৰ এই মত দেখি ৰজাৰ দৌৰ্ব্বল্য ভাবি ১৭০৯ শঁকৰ পুহত একেবাৰে জোহভাবে একত্ৰ হ’ল। মাঘত চাৰিওফালৰ পৰ৷ মোৱামৰীয়াবিলাক দা, কুঠাৰ, বৰ্ষা, কাঠৰ ঢাল, চূণলগোৱা বাঁহৰ বা কাষ্ঠৰ তৰোৱাল, টাঙ্গোন, ধেনুকঁাড়, যেয়ে যি পালে লই বড় ভেটী সত্ৰৰ ওচৰলৈ গই তাতে লগ লাগিল। সৰ্ব্বমুঠে দহ হাজাৰ মান সৈন্য নগৰৰ ফালে গ’ল। এবং দেশৰ চাৰিও ফালে জুমে জুমে মোৱামৰীয়া ফুৰিবলৈ ধৰিলে। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই কিছুমান সৈন্য গোটাই প্ৰধানকৈ নগৰৰ ফালে অহা সৈন্যবিলাকৰ

  • সেই ঠাৰবিলাক সিসকলৰ ধৰ্ম্মতেই আছিল।

১১.