পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দশম অধ্যায় লক্ষ্মীসিংহ স্বৰ্গদেৱৰ কেইবাজনাও ভতিজ৷ পুতেক আছিল। পাছে সিসকলৰ কোনোয়ে কিব| উপদ্ৰব কৰে এই ভাবি তেওঁৰ সিংহাসন পুৰুষানুক্ৰম কৰিবলৈ স্বৰ্গদেৱ জীয়াই থাকোঁতেই তেওঁৰ পুত্ৰ লোকনাথ গোঁহাইদেৱক যুবৰাজৰূপে অভিষিক্ত কৰিছিল। এইজনা গোঁহাইদেৱৰ স্বভাব বড় উদ্ধত আছিল। স্বৰ্গদেৱে ইয়াকে| ভাবিছিলে বোলে যুবৰাজ পতা হলে সিংহাসনৰ ওচৰ চপাত কিজানি গোঁহাইদেৱৰ স্বভাৱ কিছু সংশোধন হয়। কিন্তু দুৰ্ভাগ্যক্ৰমে সেইটি নঘটল। স্বৰ্গদেৱ লোকান্তৰলৈ যোৱাৰ পাছ দিনাই লোকনাথ গোঁহাইদেৱ সিংহাসনত উঠিল। তাৰ পিছতে শিঙ্কৰী ঘৰত উঠি হিন্দুমতে গৌৰীনাথসিংহ আৰু আহোম মতে চুহিতপুংফা নাম ললে। স্বৰ্গদেৱে সিংহাসন পোৱাৰ পিছত তেওঁৰ ঔদ্ধত্যগুণ বড় প্ৰবল হ’ল। তেওঁৰ ইচ্ছাক কোনোৱে নিবাৰিব নোৱাৰিছিল। কাৰে৷ উপদেশ বা মন্ত্ৰণ৷ তেওঁৰ মনত ঠাই নিদিছিল। মোৱামৰীয়া যিবিলাক আছিল, সিবিলাকক পিতৃবৈৰী বুলি নষ্ট কৰিবৰ তেওঁৰ মন হ’ল। দৰঙ্গৰ ৰজাৰ প্ৰতিও কোনো কাৰ্য্যত তেওঁৰ কোপ দৃষ্টি হইছিল আৰু সি দেশত আপোনাৰ অধিকাৰ সম্পূৰ্ণৰূপে বিস্তাৰিলে। লক্ষ্মীসিংহ স্বৰ্গদেৱৰ দিনত মোৱামৰীয়াবিলাকে খেদা খালে হয় কিন্তু সিহঁতৰ মনৰ পৰা দ্ৰোহভাব খেদা নেখালে। সিহঁতে গুপ্তভাবে সদাই দ্ৰোহ চিন্তা কৰিছিল। ১৭০৪ শঁকৰ ২ৰ৷ বৈশাখত কেতবিলাক মোৱামৰীয়াই শিঙ্গৰী ঘৰত ৰাতি জুই দি পুড়িলে। ৰুদ্ৰেশ্বৰ বড় পাত্ৰ ডাঙ্গৰীয়াই এই কাৰ্য্য নিবাৰিব নোৱাৰি ভয় পাই গুৱাহাটীলৈ গ'ল। বুঢ়া গোঁহাই ডাঙ্গৰীয়াই মোৱামৰীয়াবিলাকৰ যি যি লোকে এই গৃহদাহ কাৰ্য্যত লিপ্ত আছিল তাৰ প্ৰায় সকলোকে ধৰাই আনি মাৰিলে। ইওবাৰ দোষী, নিৰ্দোষীৰ কোনো বিশেষ বিচাৰ নহল। মোৱামৰীয়া- বিলাকৰ মনত একেই জোহভাৱ পৰিপূৰ্ণ তাতে দোষী নিৰ্দ্দোষী বিচাৰ নকৰি মোৱামৰ৷ মহন্তৰ শিষ্য বুলিলেই দণ্ডৰ পাত্ৰ কৰা হ’ল। যিবিলাক