পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী স্বৰ্গী হ’ল। এইজন৷ ৰজাদেৱৰ ভোগৰ কাল ১১ বছৰ ৬ মাহ ১০ দিন। এওঁ সৰুৰে পৰা দুঃখেৰে পঢ়াশালিত পঢ়ি উঠাত, এওঁৰ স্বভাব বড় মৃদু আছিল। লোকৰ প্ৰতি অত্যাচাৰ নাছিল, মোৱামৰীয়াবিলাকক যি দণ্ড বন্ধ কৰা হ’ল, তাত স্বৰ্গদেৱৰ হাত নাছিল। এওঁৰ দেৱতাৰ প্ৰতিও বড় ভক্তি আছিল, সেই নিমিত্তে অনেক ঠাইত দেৱমন্দিৰ নিৰ্ম্মাণ হ’ল। Sob মোৱামৰীয়াবিলাকে যেতিয়া স্বৰ্গদেৱক জয় সাগৰৰ দ'লত বন্দী কৰে, তেতিয়া এটা মোৱামৰীয়াই স্বৰ্গদেৱক বেতেৰে তিনটা কোব্ মাৰিছিল। তেতিয়াৰ পৰা স্বৰ্গদেৱে মানুহক কোবাবলৈ বা চমটিয়াবলৈ আজ্ঞা কৰিবলৈ এড়িলে।