পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম অধ্যায় থাকিল। লক্ষ্মীসিংহ স্বৰ্গদেৱ অপদস্থ হলেও তেওঁৰ ফালে অনেক লোক আছিল। কুৱৈ গঁয়৷ ঘনশ্যাম প্ৰভৃতি অনেক লোকে ষড়যন্ত্ৰ কৰি চ'তৰ বিহুৰ দিন| দ্ৰোহী ৰমাকান্তক সেৱা কৰিবলৈ কিছুমান লোক পঠালে আৰু সিসকলে মোৱামৰীয়াৰ বজা ও সেনাপতিবিলাকক ধৰি প্ৰাণে মাৰিলে৷ লক্ষ্মীসিংহে আকৌ সিংহাসন প্ৰাপ্ত হল।+ আৰু আপাহৰ নিমিত্তে স্বৰ্গদেৱে সেই ঘনশ্যামক ৰাজমন্ত্ৰী বুঢ়াগোঁহাই পাতিলে। মোৱামৰীয়৷ মহন্ত আৰু অন্যান্য অনেকে সেই মহন্তৰ প্ৰধান প্ৰধান শিষ্যসকলক ধৰি আনি প্ৰাণে মাৰিলে। এনে কথা লোকে এতিয়াও কোৱা কুই কৰে যে ঘনশ্যাম বুঢ়া গোঁহাই ডাঙ্গৰীয়াই মোৱামৰীয়াবিলাকক সপৰিবাৰে ধৰাই আনি বড় ভোজ খুৱাইছিল। পৰিশেষে সিহঁতৰ হতুৱাই খাল খনাই আপোনা আপুনি সিহঁতক পোত যোৱাইছিল। এইৰূপে কাৰ্য্য কৰোঁতে কোনো বিচাৰ বা . অনুসন্ধান কৰ৷ নহইছিল। মোৱামৰা মহন্তৰ শিষ্য বুলিলেই দ্ৰোহী আৰু দণ্ডৰ যোগ্য এনে বিবেচনা কৰে মাত্ৰ। ই কিমান ন্যায়সঙ্গত ব্যৱহাৰ তাক বিবেচনা কৰিলে চমৎকৃত হব লাগে। ১০৭ মোঁৱামৰীয়াবিলাকৰ হাতৰ পৰা ৰাজ্য লোৱাৰ পাছত আৰু দেশৰ কোনো দুৰ্গতি নহল। মোৱামৰীয়াবিলাকৰ এই উপদ্ৰৱ উজনিৰ অলপ ঠাইত মাথোন ব্যাপ্ত হইছিল। ইয়াৰ পাছত বুঢ়া গোঁহাই ডাঙ্গৰীয়া আৰু আন আন প্ৰধান প্ৰধান লোকসকলে দেশৰ উন্নতিৰ প্ৰতি বিশেষ মন দিছিল। ইয়াৰ পাছত আৰু বিশেষ কোনো ঘটনা ইজনা ৰজাদেৱৰ দিনত নহল। কেবল কোনো কোনো ঠাইত কেইটিমান দেৱালয় নিৰ্ম্মাণ হ’ল। মোৱামৰীয়াবিলাকে সিংহাসনচ্যুত কৰাৰ পৰা লক্ষ্মীসিংহ স্বৰ্গদেৱৰ মন বড় দুঃখিত আছিল আৰু তেওঁ এক প্ৰকাৰ ঔদাস্য ভাব অবলম্বন কৰিছিল। মন্ত্ৰীৰ হাততেই সকলে৷ কাৰ্য্যৰ ভাৰ অৰ্পিত আছিল। স্বৰ্গদেৱে সদাই প্ৰায় মৌনভাৱতে ভিতৰতে আছিল। পৰিশেষত ১৭০২ শঁকৰ ৩০ আঘোনত কৃষ্ণা প্ৰতিপদ তিথিত স্বৰ্গদেৱ ‡ • ৰাধাৰুক্মিণীও ৰাজকীয় সৈন্যৰ হাতত মৃত্যু হ'ল।