পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী দ্ৰোহীবিলাকে লগত আনিছিল। তাতে এনে ঢৌ হইছিল, বোলে এইজনী তিৰোতাই বন্দুকৰ গুলী আঁচল পাতি লয়। মোৱামৰীয়াই স্বৰ্গদেৱক পাটৰ পৰা নমাই জয় সাগৰৰ দ'লতে বন্দী কৰি থ'লে। বড়জন৷ বড় গোঁহাই ভগী বুঢ়া গোঁহাই আৰু আন আন কেইজনামান প্ৰধান প্ৰধান লোকক মাৰিলে আৰু কীৰ্ত্তিচন্দ্ৰ বড় বড়ুৱাক শালত দিলে আৰু তেওঁৰ পুত্ৰাদিকে৷ বধিলে। খোৰ৷ মৰাণৰ পুতেক ৰমাকান্ত সিংহাসনত উঠি ৰজা হ’ল আৰু নচুকীয়৷ মোহৰ মাৰিলে৷ আঘোনৰ পৰা সেই বছৰৰ চ'তৰ বিহুলৈকে মোৱামৰীয়াবিলাকে নগৰ লইছিল। তেতিয়া এক মহা হুলস্থল হইছিল৷ মানুহৰ ধন প্ৰাণৰ একে৷ নিশ্চয় নাছিল। চাৰিওফালৰ মানুহক লুটিপুটি নি দ্ৰোহীবিলাকে প্ৰবৰ্ত্তিছিল। অশিক্ষিত কৃষক যোদ্ধাৰু, কিমান দিন এইৰূপে সৈনিক বেশত থাকিব পাৰে? নগৰ লোৱাৰ পাছৰে পৰ৷ মোৱামৰীয়াবিলাক নিজৰ ঘৰলৈ যাবলৈ ধৰিলে। সিবিলাকৰ আৰু মোৱামৰীয়া ৰজা ও সেনাপতিসকলৰ এনে দৃঢ় বিশ্বাস হ’ল দেশ যেন সম্পূৰ্ণ তেওঁবিলাকৰ শাসিত হ'ল। শিৱসিংহ ৰজাৰ দিনত মোৱামৰ৷ মহন্তৰ অপমান হোৱাত তেওঁক আন আন মহন্তে কিছু হেয় কৰিছিল। বিশেষ লক্ষ্মীসিংহ স্বৰ্গদেৱক নিৰ্ম্মালি দিবৰ সময়তো সমনীয়৷ অনেক মহন্তে এইজন মহন্তক শাৰীত বহিবলৈ নিদি অপমানিত কৰিছিল৷ নগৰ লোৱাৰ পাছতে মোৱামৰীয়া মহন্তে অনেক মহন্তসকলক মতাই নি ভকত কৰিবলৈ ইচ্ছা কৰিলে। এনে প্ৰবাদ আছে বোলে সেই বাবে এদিন এখান মেল হোৱাত মহন্ত- সকলক মোৱামৰা মহন্তে এই বুলি এক নাম দিলে বোলে “সবাৰে৷ নাম জয়হৰি”। ইয়াকে বোলাৰ পাছত মহন্ত বিমূৰ্চ্ছিত হ’ল। পাছে তেওঁ আৰোগ্য হ’ল আৰু তেওঁৰ শিষ্যসকলে এনে অভিমান কৰিবলৈ ধৰিলে বোলে ইসকল মহন্ত তেওঁৰ শিষ্য।* এইৰূপে ৰজ৷ মন্ত্ৰী আৰু মহন্তসকলৰ পূৰ্ব্বৰ কৰা কাৰ্য্যৰ পোটক তুলি মোৱামৰীয়া ৰজা সিংহাসনত

  • সেই কাৰণে মোৱামৰীয়া মহন্তৰ শিষ্যবিলাকে পুৰণি ভকত বুলি কয়। কিয়নো

ইবিলাক মহন্ত মোৱামৰীয়৷ মহন্তৰ নকৈ ভকত হ’ল।