পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম অধ্যায় ন গোঁসাই নাম দি অনেক বৃত্তি বিধান দিলে। লক্ষ্মীসিংহে যেতিয়া ৰাজ্য পায়, তেতিয়া তেওঁৰ বয়স ৫৫ বছৰ। বিশেষ বড় বড়ুৱাৰ নিমিত্তেই সিংহাসন পোৱাত তেওঁ এই পূৰ্ব্বৰ দৰে ৰাজকাৰ্য্য কৰিছিল। ৰমানন্দ ভট্টাচাৰ্য্য বজাৰ গুৰু হোৱাত তেওঁক যি মৰ্য্যাদ৷ দিয়া হ'ল তাত আন আন মহন্তসকলে বড় ভাল নাপালে। বিশেষকৈ মোৱামৰাৰ মহন্তে গৰ্ব্বালি বচন বোলাত ৰজা ঘৰৰ পৰা এক প্ৰকাৰে অসন্তোষৰ পাত্ৰ হ’ল। পিছে সি শঁকৰ আশ্বিন মাহত স্বৰ্গদেৱে এদিন চৰানাওৰে ফুৰিবলৈ আহিছিল। বড় বড়ুৱাৰ নাও পিছত আছিল। মোৱামৰাৰ মহন্তে অনেক সাঙ্গি ভাৰেৰে স্বৰ্গদেৱক বালিতে সাক্ষাৎ কৰি ক্ষমা প্ৰাৰ্থনা কৰিলে। বড় বড়ুৱাই ইয়াকে বুজ পাই চাটু নকৰাকৈ ৰজাৰে সাক্ষাৎ কৰাৰ বাবে মহন্তক অনেক বিদ্ৰূপ আৰু বিতণ্ডা কৰিলে। ইয়াতে মহন্ত বড় বিষম পালে। আৰু তেওঁৰ শিৱসিংহ স্বৰ্গদেৱৰ দিনৰ নুমাই থকা অপমান অগ্নি দ্বিগুণতৰ জ্বলিবলৈ ধৰিলে। মহন্তে তেওঁৰ শিষ্যসকললৈ তলে তলে বুজ দিলে এবং গুৰুৰ হস্তে প্ৰাণ উৎসৰ্গ কৰিবলৈ সংকল্প কৰি মহন্তৰ প্ৰায় উজনিয়াল সকলে৷ শিষ্য দলবদ্ধ হ'ল। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ খেদি থোৱা এজন৷ কোঁৱৰ বড়জন৷ গোঁহাই দেৱক দলপতি হবলৈ মোৱামৰীয়৷ মহন্তে আহ্বান কৰিলে আৰু নাহৰখোৰ৷ ও ৰাঘমৰাণ নামেৰে ই দুজন সেনাপতি হ’ল। যিবিলাক মানুহ ই ড্ৰোহৰ কাৰ্য্যত লগ লাগিল, সিবিলাকে দা, টাঙ্গোন, ধেনু, কাঁড়, বৰ্ষা, প্ৰভৃতি অস্ত্ৰ ললে। বড় ভেটীৰ ওচৰতে এইৰূপে প্ৰায় ন হেজাৰমান মানুহ লগলাগি ৰঙ্গপুৰৰ ফালে আঘোনৰ আদিতে যাত্ৰা কৰিলে৷ লোকত এনে ঢৌ তুলি দিলে বোলে গোঁহাইদেৱ থকাতো অন্যায়কৈ লক্ষ্মীসিংহক ৰজা পতাৰ হেতুকে সেই বণ যাত্ৰা হইছে। মোৱামৰীয়াবিলাকৰ এইৰূপ উদ্যোগৰ ভু পাই বড় গোঁহাই, বুঢ়া গোঁহাই, কীৰ্ত্তিচন্দ্ৰ বড় বড়ুৱা প্ৰভৃতি মন্ত্ৰীসকলে কিছুমান সৈন্য আগবঢ়াই পঠালে। কিন্তু ৰজাৰ সৈন্যে একে৷ কৰিব নোৱাৰিলে। মোৱামৰীয়াবিলাক নগৰ পাই স্বৰ্গদেৱ ও ডাঙ্গৰীয়াসকল আৰু বড় বড়ুৱাক বন্দী কৰিলে। সৌভাগ্যৰ বিষয় এই যে তেতিয়া অতি অল্প মাত্ৰ লোকৰ প্ৰাণ লইছিল। খোৰা মৰাণৰ ঘৈণীয়েকক ৰাধাৰুক্মিণী নাম দি তাইকো ১৪