পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ৰঙ্গধেমালি কৰি থাকি, বাহিৰলৈ আহিব লাগিলেও কোনো আমোদৰ উদ্দেশেহে আহিছিল। এইজনা স্বৰ্গদেৱৰ দিনেই, আহোমবিলাকৰ গৌৰবৰ শেষ সময়। দেশ সম্পূৰ্ণ আছিল, আৰু কোনো প্ৰকাৰৰ ৰণ বিগ্ৰহাদি নোহোৱাত প্ৰজাসমূহৰ বড় সুখ হইছিল।* ইজনা স্বৰ্গদেৱ পৰ্ব্বতীয়া গোঁসাইৰ পাণ্ডুনাথত থকা নাতি গোঁসাইৰ বংশ এঘৰৰ শিষ্য আছিল। ৰাজেশ্বৰসিংহ স্বৰ্গদেৱ নৰীয়া পড়ি থাকোতেই তেওঁৰ সিংহাসন পোৱাৰ বিষয়ে দেশীয় প্ৰধান প্ৰধান লোকসকলৰ দুই মত আছিল। কীৰ্ত্তিচন্দ্ৰ বড় বড়ুৱা প্ৰভৃতি কেতবিলাকৰ ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ আজ্ঞা মানি লক্ষ্মীসিংহ কোঁৱৰক সিংহাসন দিবলৈ ইচ্ছা আছিল। ৰাজমন্ত্ৰী বড় গোঁহাই ডাঙ্গৰীয়া প্ৰভৃতি কেতবিলাকৰ এনে ইচ্ছা আছিল যে ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ বড়জন। পুত্ৰেই ৰাজ্য পাওক। কিন্তু বড় বড়ুৱাৰ মত আৰু ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ আজ্ঞা বলবৎ হোৱাত লক্ষ্মীসিংহ ২১ জ্যৈষ্ঠৰ দিন৷ সিংহাসনত উঠে। আৰু শিঙ্গৰী ঘৰত উঠি চুন্যেউফা নাম ল'লে। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ শেষ কালত লক্ষ্মীসিংহৰ জন্ম হয়। তেওঁৰ বৰ্ণ আৰু আকাৰ সিজনা ৰজাৰ বিসদৃশ থকাত স্বৰ্গদেৱে তেওঁক এক প্ৰকাৰ সন্তান বুলি অস্বীকাৰ কৰাৰ নিচিনা আছিল। এই নিমিত্তে তেওঁ ৰাজকুলৰ আন আন ডাঙ্গৰ লোকসকলৰ বড় আদৰণীয় আছিল। আনকি পৰ্ব্বতীয়া গোঁসাইয়েও তেওঁক শিষ্য কৰিবলৈ অস্বীকাৰ কৰিলে। ই দেশীয় ৰমানন্দ ভট্টাচাৰ্য্য নামে পঢ়াশালিৰ এজনা অধ্যাপকে সেই অনাদৃত ৰাজকুমাৰক পঢ়াইছিল আৰু শিৱ পূজা শিকাইছিল। পাছে লক্ষ্মীসিংহ সিংহাসন পোৱাৰ পাছত পৰ্ব্বতীয়৷ গোঁসাইৰ মন্ত্ৰ গ্ৰহণ নকৰি সেই ভট্টাচাৰ্য্যৰ পৰ৷ শিৱমন্ত্ৰত দীক্ষিত হই তেওঁক পহুমৰীয়া গোঁসাই বা 108 এইজনা স্বৰ্গদেৱ আৰু তেওঁৰ প্ৰধান মন্ত্ৰী বড় বড়ুৱা বিঘাৰ বড় উৎসাহী আছিল। কামৰূপৰ শিলাৰ কোনো এজন পণ্ডিত বামুণক সোণৰ লগুণ বটা ও অনেক বৃত্তি বিধান দিছিল। এওঁ দেশীয় ভাষাত কীচকবধ নামে এখান নাটক ৰচে, সি কাৰণে এওঁক কবি চূড়ামণি উপাধি দিয়া হইছিল।