পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম অধ্যায় সি সময়তে পাৰিষদৰ সংখ্যা বৃদ্ধি কৰি লগত টাঙ্গোন ধৰ৷ মানুহ ল'লে। ৰাজেশ্বৰ- সিংহ স্বৰ্গদেৱৰ দিনত দেশ ভৰপূৰ হৈ আছিল কিয়নে৷ প্ৰায় চাৰি কুবি মান বছৰ, ভিন্ন দেশে সইতে কোন বণ বিগ্ৰহ হোৱা নাছিল। এইখিনি কাল দেশৰ উন্নতিতেই ৰজাসকলৰ মন আছিল। স্বৰ্গদেৱে কামৰূপ চাবৰ নিমিত্তে ১৬৮৬ শুঁকত গুৱাহাটীলৈ গ'ল। অৰু বশিষ্ঠাশ্ৰম, মণিকৰ্ণেশ্বৰ, চিত্ৰাচল প্ৰভৃতিত মঠ কৰালে। এটা “সৰ্ব্বগ্ৰাহ” চন্দ্ৰগ্ৰহণ • হোৱাত স্বৰ্গদেৱে অশ্বক্ৰান্তত “কণকাঞ্জলি” দান কৰিছিল। এবং অনেক ব্ৰাহ্মণ ও সাধুলোকক ভূমি বৃত্তি দিছিলে। দেৱৰ গাঁৱৰ পুৰণি দ'ল লুইতে খহোৱাত নেঘেৰিটিঙ্গত ১৬৮৭ শুঁকত স্বৰ্গদেৱে নকৈ দ’ল কৰাবলৈ আৰম্ভ কৰিলে। মোৱামৰাৰ মহন্তে শিৱসিংহ ৰজাৰ দিনত যি অপমান পাইছিল, সেইটি মনত ৰখাই থইছিল। মালৌ পথাৰত এডোখৰ দ মাটি আছিল। মহন্তে এই আজ্ঞা দিলে বোলে মানুহটে পতি এচপৰাকৈ মাটি দি ভেঁটী এটা বান্ধিলে তাতে সত্ৰ কৰা যাব। সেইৰূপে মহন্তৰ শিষ্যসকলে মাটি দিয়াত এটি বড় ভেটী হ’ল। তাতে মহন্তে সত্ৰ কৰিলে। সেই ভেঁটী বন্ধাৰ উপলক্ষে বিস্তৰ শিষ্য হোৱাত মহন্তে ইয়াকে কলে বোলে আমাৰ পূৰ্ব্ব প্ৰতিকাৰ সাধিবলগীয়া, এতেকে সকলোৱে যুগুত হই যাওক। মহন্তসকলৰ শিষ্যৰ ওপৰত যিমান ক্ষমতা আৰু শিষ্যৰে৷ গুৰুৰ প্ৰতি যিমান ভক্তি তাতে তেওঁৰ বাক্য শিষ্যবিলাকে পালন কৰিব বুলি মোৱামৰাৰ মহন্তে বিশেষকৈ জানিছিল। সেই মহন্তৰ বাক্যপাত হ’ব পৰা তেওঁৰ শিষ্যসকলে ৰজাৰ অহিতে দ্ৰোহ আচৰিবলৈ আগবাঢ়ি থাকিল৷ ৰাজেশ্বৰসিংহ স্বৰ্গদেৱে ই কথা ভু পাই মোৱামৰ৷ মহন্তৰ সমতুল্য দিহিঙ্গীয়৷ মহন্তক ভিতৰুৱালকৈ লই সদাই চাঙ্গলৈ আহিবলৈ আজ্ঞা দি “লিগিৰা” বাব দিলে। ই সময়তে দেৱৰ গাঁওৰ ন দ'লে৷ নিৰ্ম্মাণ কৰা হ’ল। পাছে ১৬৯১ শঁকৰ ২০ জ্যৈষ্ঠ কৃষ্ণ৷ দশমী তিথিত নৰীয়া পড়ি স্বৰ্গদেৱ নিত্যধামলৈ গমন কৰিলে৷ এওঁৰ ভোগৰ সংখ্যা ১৭ বছৰ ৭ মাস ২১ দিন। এইজনা স্বৰ্গদেৱ বড় শ্ৰীমন্ত আৰু শক্তিমন্ত আছিল। এওঁৰ সুখাভিলাষো বড় প্ৰবল আছিল। এই হেতুকে ৰাজকাৰ্য্যৰ প্ৰতি বিশেষকৈ মন নিদিছিল। সৰ্বদায় চাঙ্গতে