পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

10 আসাম বুৰঞ্জী অনুগ্ৰহ পাই বড় অহঙ্কাৰ কৰিব ধৰিলে। দেশৰ আনৰ কথাকে নকওঁ তিনিজনা ডাঙৰীয়াকে। কটাক্ষ নকৰা হ'ল। তেওঁ ৰজাৰ এনে প্ৰিয় হ'ল যে ৰজ৷ নাম মাত্ৰহে, তেওঁ যি কৰে সেয়েই হয়। একেই স্বৰ্গদেৱে মুখাভিলাষী, তাতে আকৌ ভিন্ন দেশীয় ৰাজকুমাৰী এজনা এওঁৰ নিমিত্তেই পালে। আৰু মণিপুৰৰ ৰজাক প্ৰায় কৰতলীয়া কৰিলে। এই কাৰণে বড় বড়ুৱাৰ ইমান প্ৰতাপ হ’ল। হুমলি বড় গোঁহাই ডাঙ্গৰীয়াই চকৰিফেটী নামে এখন বুৰঞ্জী উলিয়াই কীৰ্ত্তিচন্দ্ৰ বড়ুৱাক “জলমবটী” অৰ্থাৎ প্ৰকৃত আহোম নহয় বুলি প্ৰকাশ কৰিলে। বড় বড়ুৱাই ইয়াতে বিৰক্ত পাই নৰা দেশৰ পৰা আপোনাৰ বঙ্গই আনি তেওঁ যে প্ৰকৃত আহোম ইয়াকে প্ৰমাণ কৰিলে আৰু স্বৰ্গদেৱক এই বুজালে বোলে এইৰূপে বুৰঞ্জীৰ পৰা ভবিষ্যতে অনেক অনিষ্ট ঘটিব পাৰে। অধিক কি কোনো সময়ত ৰজাৰ বংশাৱলীতো কোনোয়ে কলঙ্ক দিব পাৰে। বড় বড়ুৱাৰ কথা শুনি ৰাজেশ্বৰসিংহে যাৰ ঘৰত যি বুৰঞ্জী আছে, তাক পৰীক্ষাৰ নিমিত্তে অনালে। ই দেশীয় অনেক লোকৰ ঘৰত এইৰূপে বুৰঞ্জী আছিল। তাৰে যি কেইখনত বিষম কথা থকা পালে, সি কেইখন পুড়ি পেলোৱা হ'ল। আৰু তাৰে যি কেইখন ভাল পালে, তাক ৰাখি ওভোতাই দিলে। এনে কথা প্ৰকাশ আছে বোলে এইৰূপে বুৰঞ্জী অনুসন্ধান কৰি পোড়োঁতে দুবছৰ লাগিছিল। বড় বড়ুৱাৰ আত্মম্ভবি কাৰ্য্য দ্বাৰাই তেওঁৰ অনেক শত্ৰু হ'ল। তেওঁ দানী আছিল হয় কিন্তু সেই দান কৰোঁতে পাত্ৰাপাত্ৰ বিবেচনা নকৰিছিল। তেওঁ কেতিয়া ৰুষ্ট হয় আৰু কেতিয়৷ তুষ্ট হয়, এইটি কথা জন৷ সুকঠিন আছিল। ব্যাপক জ্ঞান নথকা লোকৰ হাতত বিস্তৰ ক্ষমতা থাকিলেই এনে ঘটে। বড় গোঁহাই প্ৰভৃতি প্ৰধান প্ৰধান লোকসকলে পাছে এনেটোহে ভাবিবলৈ ধৰিলে যে কেনেকৈ এই লোভী বড় বড়ুৱাৰ হাতৰ পৰা ৰক্ষা পায়। পাছে ১৬৮৫ শুঁকত বড় বড়ুৱা নগৰলৈ যাওঁতে এজন অচিনাকী লোকে এদিন তেওঁক অস্ত্ৰাঘাত কৰিলে। ভাগ্যক্ৰমে তেওঁৰ প্ৰাণ বিয়োগ নহ'ল। তাৰ পাছে ই বিষয় অনুসন্ধান কবি দ্ৰোহীসকলক দণ্ড বন্ধ কৰিলে আৰু