পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম অধ্যায় কৰালে। আৰু আগৰ বঙ্গঘৰৰ ওচৰতে সৰুকৈ এটা পকী ঘৰ কৰালে। এওঁ প্ৰায় বাজকাৰ্য্যতকৈ বিষয় সুখত বড় মগ্ন আছিল। তেওঁৰ মন্ত্ৰীৰ ওপৰতেই বড় বিশ্বাস আছিল। ১৬৮০ শুঁকত মণিপুৰৰ ৰজাই তেওঁৰ দেশ আন শত্ৰুয়ে আক্ৰমণ কৰাত পলাই আহি কছাৰি ৰজাৰ আশ্ৰয় ল’লে। কিন্তু তেওঁ সবিশেষ আশ্ৰয় দিব নোৱাৰাত আমাৰ স্বৰ্গদেৱলৈ এই বুলি অনুগ্ৰহ প্ৰাৰ্থিলে, বোলে “আমাক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰোক।” স্বৰ্গদেৱে খ্যাতি আৰু ধৰ্ম্ম দুইকো পাবৰ আশয়েৰে হৰনাথ ভিতৰুৱাল ফুকনক সেনাপতি ফুকন উপাধি দি বহু সৈন্যে সইতে মণিপুৰলৈ পঠালে। সেনাপতি ফুকন মঙ্গীৰ বাট সোমাল। কিন্তু বাট নথকাৰ গুণে বিস্তৰ হাবি লতা কাটি পোনাই যাওঁতে বাটতে অনেক দিন হ’ল আৰু খাবৰ সামগ্ৰীৰ অভাবত অনেক সৈন্য মৰে। ইফালে মণিপুৰৰ ৰজাৰ শত্ৰু অসমৰ সৈন্য যোৱা শুনি দেশ এড়ি গুচি যোৱাত আমাৰ সেনাপতি ফুকন উলটি আহে। এই যুদ্ধযাত্ৰাকে লতাকটা ৰণ বোলে। তেওঁৰ অবিবেচনাৰ নিমিত্তে অনেক সৈন্যৰ হানি হোৱাত সেনাপতি ফুকন পাতি স্বৰ্গদেৱে দণ্ড কৰিলে। ইতিমধ্যতে আমাৰ সৈন্য উলটি অহা শুনি মণিপুৰৰ ৰজাৰ পূৰ্ব্ব শত্ৰুএ আকৌ সেই দেশ আক্ৰমণ কৰাত বকতিয়ালৰ গেন্ধেল৷ বড় বড়ুৱাক ৰাজেশ্বৰ সিংহে সেনাপতি পাতি মণিপুৰলৈ পঠালে। বড় বড়ুৱা ৰহ৷ পাওঁতেই মণিপুৰ এৰি আকৌ সেই শত্ৰুৰ সৈন্য পলাল। এই আপাহতে মণিপুৰৰ ৰজাই কুৰঙ্গনয়নী নামে আপোনাৰ দুহিতাক ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱক দি মিত্ৰতা নিবন্ধন কৰিলে৷ স্বৰ্গদেৱে এই কাৰণে গেন্ধেল৷ বড় বড়ুৱাক কীৰ্ত্তিচন্দ্ৰ নাম দি তেওঁৰ পদমৰ্য্যাদাক উন্নত কৰি দিলে। মণিপুৰীয়া ৰজাৰ কন্যাৰ লগত যৌতুকত দিয়া মানুহখিনিক দিচৈৰ কাষৰতে স্বৰ্গদেৱে পাতিলে। মণিপুৰীয়াবিলাকক আমাৰ দেশৰ লোকে মগলু বোলে। সেই মণিপুৰীয়া মানুহখিনি পতা ঠাইক মগলুখাত বোলে। আৰু আপোনাৰ নাম চিৰস্মৰণীয় কৰিবৰ নিমিত্তে মণিপুৰীয়া কুঁৱৰীয়ে সি ঠাইতে এটা বড় পুখুৰী খনালে। সেই পুখুৰীক আজিলৈকে “মগলুজীয়েকৰ পুখুৰী” বোলে৷ কীৰ্ত্তিচন্দ্ৰ বড়ুৱাই ৰহাৰ পৰা ঘুৰি অহাৰ পিছৰে পৰা ৰজাৰ joj