পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী ১০০ আহি এইকথা শুনি মিটিকাই হাঁহিলে।' এইজন৷ স্বৰ্গদেৱৰ দিনত হিন্দুধৰ্ম্ম একেবাৰে ৰাজগৃহত প্ৰবেশ হ’ল। যিবিলাক আহোমৰ ম্লেচ্ছৰ দৰে আচাৰ আছিল, সেইবিলাক একেবাৰে হিন্দুধৰ্ম্মগ্ৰাহী আহোমবিলাকৰ পক্ষে স্বতন্ত্ৰ বা হীন জাতি হেন হইছিল। ইয়াৰ দ্বাৰাই আহোমবিলাকৰ আচাৰ- নীতি একেবাৰে পৰিবৰ্ত্তন হ’ল। কালক্ৰমে সিসকলৰ আঙ্গুৰিক আৰু বাহুবলী- ক্ষত্ৰিয়ৰ স্বভাব গুচি মুখবলী ব্ৰাহ্মণৰ স্বভাব হ’ল। শিৱসিংহ স্বৰ্গদেৱৰ পাছত তেওঁৰ পুতেকটি ৰজা হ'ব নোৱাৰিলে। তেওঁৰ ভ্ৰাতৃ প্ৰমত্তসিংহ সিংহাসনত উঠিল আৰু শিঙ্গৰী ঘৰত উঠি আহোম মতে চুনেন্‌ফা নাম ল'লে। এইজন৷ ৰজাৰ দিনত কামৰূপৰ পিয়লৰ কাকত পত্ৰ সকলোৰে নিৰ্বন্ধ হ'ল গৰগাঁও নগৰৰ দুৱাৰ ঘৰ কেইটা আৰু ৰঙ্গপুৰৰ ৰঙ্গঘৰটো দুটুপীয়াকৈ স্বৰ্গদেৱে পকী কৰালে। ৰুদ্ৰসিংহ স্বৰ্গদেৱক কাষ্ঠসংস্কাৰ কৰা ঠাইত মন্দিৰ কৰি ৰুদ্ৰেশ্বব নামে শিৱ স্থাপনা কৰিলে। গুৱাহাটীৰ শুক্ৰেশ্বৰ দেবালয়ৰ মন্দিৰ এইজনা ৰজাৰ দিনতে হয়। লোকে এনে কথা কয় বোলে এইজনা ৰজাদেৱৰ বড়কৈ মূৰৰ বিষ আছিল। অনেক ঔষধ কৰাতো আৰোগ্য নহল। পাছে স্বৰ্গদেৱে এনে স্বপ্ন দেখিলে বোলে মুসলমানৰ তীৰ্থত পূজা কৰিলে স্বৰ্গদেৱৰ শৰীৰ আৰোগ্য হ'ব। এই স্বপ্নাদেশ অনুসাৰে স্বৰ্গদেৱে এজন মুসলমানক ধন বস্তু দি মক্কালৈ পঠালে। সেই মুসলমানে আপোনাৰ পুত্ৰ আৰু ভ্ৰাতৃক লগত লই মক্কালৈ গ'ল। ই সকলে প্ৰায় ২॥ আড়াই বছৰৰ মূৰত মক্কাৰ পৰা ঘুৰি আহিল কিন্তু নগৰ পোৱাৰ কিছুমান দিন পূৰ্ব্বেই স্বৰ্গদেৱ ১৬৭৩ শঁকৰ ২৯ আশ্বিন কৃষ্ণ৷ নবমী তিথিত স্বৰ্গী হ’ল। এওঁৰ ভোগৰ কাল ৬ বছৰ ১০ মাহ ৫ দিন। ৰুদ্ৰসিংহ স্বৰ্গদেৱৰ অনুমতি অনুসাৰে হলে বড়জনা গোঁহাই দেৱ ৰজা হ’ব পাইছিল। কিন্তু তেওঁৰ বসন্ত ওলোৱা বাবে সিংহাসন পাব নোৱাৰাত ৰাজেশ্বৰ সিংহ ৩০ আশ্বিনত ৰাজ্যাভিষিক্ত হ’ল আৰু শিঙ্গৰী ঘৰত উঠি আহোম মতে চুৰেম্ফা নাম ললে, আৰু বড়জনা গোঁহাইদেৱে পাছে কিবা দ্ৰোহ চিন্তে এই ভাবি তেওঁক নগৰৰ বাজ কৰি উলিয়াই থলে। ৰাজেশ্বৰ- সিংহ বঙ্গপুৰ আৰু গৰগাঁও ই দুই নগৰত দুটা পকী আৰু তলাতল ঘৰ