পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম অধ্যায় বড় ভক্তিৰে পূজ৷ কৰিবলৈ ধৰিলে। অনেক সময়ত স্বৰ্গদেৱে পূজা কৰোতেই তিনিপৰীয়া হই যায়। স্বৰ্গদেৱে ভট্টাচাৰ্য্য গোঁসাইৰ উপাস্থ্য গোঁসানীৰ মন্ত্ৰ গ্ৰহণ কৰিছিল। এই নিমিত্তে সি দেৱতাৰ প্ৰতি সপৰিবাৰে স্বৰ্গদেৱৰ বড় ভক্তি আছিল। তেতিয়াৰ কালৰ মানুহে এনে বিশ্বাস কৰিছিল যে স্বৰ্গদেৱে গোঁসানীক সাক্ষাৎ পাইছিল। স্বৰ্গদেৱতকৈ বড় ৰজা ফুলেশ্বৰী কুঁৱৰীহে বড় অন্ধ বিশ্বাসিনী আছিল৷ শূদ্ৰ মহাজন কেতবিলাকে গোসানী নামানে বুলি শুনি এবাৰ দুৰ্গোৎসবত বড় ৰজাই মোৱামৰাৰ মহন্তকে আদি কৰি কিছুমান মহন্তক অনাই বলেৰে গোঁসানী সেৱা কৰোৱাই সিন্দুৰ ৰঙ্গ[চন্দন আৰু বলিৰ তেজেৰে ফেঁাঁট দিয়াই বড় দুৰ্গতি কৰিলে৷ অন্যতকৈ মোৱামৰাৰ মহন্তে এই কথাত মৰণান্তিক বেজাৰ পালে। আৰু এই মহন্তে এনেৰূপে নিজ শিষ্যসকলত কলে যে ইয়াৰ প্ৰতিকাৰ সাধিবলৈ পুৰুষাৰ্থ কৰিব লাগে। কালক্ৰমে সেই পুৰুষাৰ্থ একপ্ৰকাৰ সিন্ধিও হ’ল। ফুলেশ্বৰী স্বৰ্গী হলত তেওঁৰ অভিপ্ৰায় অনুসাৰে তেওঁৰ ভগিনী দ্ৰৌপদীক স্বৰ্গদেৱে পৰিণয় কৰিলে। আৰু তেওঁক অম্বিকা নাম দি বড় ৰজা উপাধি দিলে।* এওঁৰ নামেৰে মোহৰো মৰা হ'ল৷ এইজনা কুঁৱৰীয়ে বহু দিন ভোগ কৰিব নোৱাৰিলে৷ এওঁৰ মৃত্যুৰ পাছত সলাল গোঁহাইৰ জীয়েক অনাদৰীক স্বৰ্গদেৱে বিবাহ কৰাই সৰ্ব্বেশ্বৰী নাম দিলে। শিৱসিংহ স্বৰ্গদেৱে বড় আমোদ উৎসৱেৰে ৩০ বছৰ ৩ মাহ ১১ দিন ৰাজ্য ভোগ কৰি ১৬৬৬ শঁকৰ ২৪ অগ্ৰহায়ণ কৃষ্ণা প্ৰতিপদ তিথিতে স্বৰ্গী হ’ল। শিৱসিংহ ৰজাৰ দিনত কোনো উপদ্ৰৱ নাছিল। তেওঁ দেশৰ উন্নতিৰ প্ৰতি মন দিবলৈ বিশেষ সময় পাইছিল। এওঁৰ স্বভাব বড় মৃদু আৰু স্ত্ৰৈণ আছিল। কিয়নো ফুলেশ্বৰী কুঁৱৰীয়ে মহন্তসকলক ইমান দুৰ্গতি কৰিলে যে স্বৰ্গদেৱে তাত এফেৰিও দুঃখিত নহল বা তাক নিবাৰিবলৈ কোনো যত্ন নকৰিলে। এনে প্ৰবাদ আছে বোলে যেতিয়া মহন্তসকলক ফুলেশ্বৰী কুঁৱৰীয়ে দুৰ্গতি কৰে তেতিয়া স্বৰ্গদেৱে পূজাঘৰৰ পৰা ওলাই

  • এইজন৷ কুঁৱৰীক মদম্বিকা কুঁৱৰীও বোলে।

1 ✔