পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আসাম বুৰঞ্জী কামাখ্যা ও আন আন দেৱালয়ৰ দেৱতাৰ পৰ্ব্বতীয়া গোঁসাই বোলে৷ পূজাৰ বিষয়ে পূৰ্ব্বে একে৷ ভাল নিয়ম আৰু বিধি নাছিল। ভট্টাচাৰ্য্যে সেইসকল দেৱতাৰ পূজাৰ বিধি বিধান নিৰ্ব্বন্ধ কৰি দিলে। ভট্টাচাৰ্য্যক উজনি আৰু ভাটীৰ কামৰূপত অনেক ব্ৰহ্মত্তৰ মাটি ও আন বৃত্তি দান কৰিলে। স্বৰ্গদেৱে তেওঁৰ ধাই মাতৃৰ নামে এটি আলি কৰালে। সি আলি ধাই আলি নামে প্ৰসিদ্ধ হ’ল। এওঁৰ দিনত কোনো উপদ্ৰৱ বা ৰণ বিগ্ৰহ হোৱা নাছিল, সেই দেখি এওঁ দেশৰ শান্তি ৰক্ষা আৰু আন আন মঙ্গলজনক কাৰ্য্যৰ প্ৰতি মন দিবলৈ সময় পাইছিল৷ কামৰূপ ও বকতা ই দুই প্ৰদেশ শিৱসিংহ ৰজাই পিয়ল কৰালে। এনেতে ৰাজ্য পাবৰ প্ৰায় ছবছৰ মানৰ মূৰত জ্যোতিষীয়া পণ্ডিতসকলে স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ হইছে বুলি কলে৷ পৰ্ব্বতীয়৷ গোঁসাই আৰু আন আন পণ্ডিত ও মন্ত্ৰীসকলে পৰামৰ্শ কৰি স্বৰ্গদেৱৰ প্ৰধান মহিষীক বড় ৰজ| নাম দি ছত্ৰ অৰ্পণ কৰিলে। এইজনা কুঁৱৰীৰ নাম ফুলেশ্বৰী ও প্ৰমথেশ্বৰী। এই দুয়ো নামেৰে স্বৰ্গদেৱৰ নামে সইতে মোহৰ মৰাও হ’ল। স্বৰ্গদেৱে বড় চ’ৰাত আপোনাৰ মহিষী বড় ৰজাই সইতে বহিছিল। এইজন৷ ৰজাদেৱৰ দিনতে কামাখ্যা দেবী আৰু বড়পেটা সত্ৰৰ সি সময়ৰ সমূহ বাপুসকলক বৃত্তি দান কৰা হয়। আৰু আন আন অনেক ব্ৰাহ্মণ ও মহন্তকো বৃত্তি দিয়া হইছিল। ৰজাৰ অমঙ্গল নিবাৰণ কৰাৰ নিমিত্তেই এইবিলাক কাৰ্য্য কৰা হইছিল। গৌৰীসাগৰ আৰু কালুগাঁৱৰ দ’ল ও পুখুৰী এইজনা স্বৰ্গদেৱৰ দিনতে কৰা হ'ল।*/ মানুহ জাতিৰ স্বভাব এনেটোহে দেখা যায় যে প্ৰথমে যি কোনো কাৰ্য্য কৰা হয় তাত বড় শ্ৰম আৰু যত্ন কৰে। স্বৰ্গদেৱে সপৰিবাৰে মন্ত্ৰ গ্ৰহণ কৰি ৯৮

  • ফুলেশ্বৰী কুঁৱৰীয়ে ব্ৰাহ্মণসকলৰ বিদ্যা শিক্ষাৰ প্ৰতি অতিশয় শ্ৰদ্ধা ও যত্ন

কৰিছিল। আৰু “বড় ৰজাৰ পঢ়াশালি” নামে এটা পঢ়াশালি ৰঙ্গপুৰত পতাইছিল। যি ব্ৰাহ্মণে পূজাৰ যাবতীয় অনুষ্ঠান ভালকৈ নেজানিছিল, তেওঁ তাক পূজা ঘৰলৈ সোমাবলৈ আজ্ঞ| দিছিল।