পৃষ্ঠা:আসাম বুৰঞ্জী.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম অধ্যায় ৯৭ তেওঁ নিজে নীলাচল বা গঙ্গাতীৰত গই মন্ত্ৰ গ্ৰহণ কৰিব। সেই আজ্ঞা অনেকেই প্ৰতিপালন কৰিলে৷ স্বৰ্গদেৱে তেওঁৰ প্ৰথম পুত্ৰ শিৱসিংহ গোঁহাইদেৱক যুববাজ পাতি সসৈন্যে ১৬৩৬ শঁকৰ আষাঢ় মাসত ভটীয়াই গ'ল। যাওঁতে বাটত কাল শিল৷ বাহৰতে এজনা কুঁৱৰীৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্মে। সেই পুত্ৰটৰ ওপজা ঠাইৰ নামে সিজন৷ গোঁহাইদেৱক কাল শিলীয়া গোঁহাইদেৱ বুলিছিলে। তেওঁৰ হিন্দুমতে নাম লক্ষ্মীসিংহ। স্বৰ্গদেৱ গুৱাহাটীত ৰ'ল গই। তাতে নৰীয়া পৰি ১৬৩৬ শুঁকত ১৩ ভাদ্ৰ কৃষ্ণা দ্বিতীয়াত স্বৰ্গী হ’ল। মণি- কৰ্ণেশ্বৰ পৰ্ব্বতত স্বৰ্গদেৱক কাষ্ঠসংস্কাৰ কৰা হ'ল। সেই ঠাইতে প্ৰমত্ত- সিংহ স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ নামে এক শিৱ স্থাপন কৰি মন্দিৰ কৰিলে। এইজনা ৰজাদেৱৰ ভোগৰ কাল ১৮ বছৰ ৬ মাহ। মৃত্যুৰ পূৰ্ব্বে ৰুদ্ৰসিংহ স্বৰ্গদেৱে এই কথা কলে বোলে তেওঁৰ কোঁৱৰ কেইওজনাই জ্যেষ্ঠানুক্ৰমে ৰাজ্য ভোগ কৰিব, আৰু কৃষ্ণৰাম ভট্টাচাৰ্য্যৰ শিষ্য হ’ব। স্বৰ্গদেৱৰ এজনা কুঁৱৰীৰ সন্তান শিৱসিংহ আৰু প্ৰমত্তসিংহ, এজনাৰ বড়জনা গোঁহাইদেৱ, এজনা কুঁৱৰীৰ সন্তান ৰাজেশ্বৰসিংহ আৰু এজনাৰ সন্তান লক্ষ্মীসিংহ। শেষৰজন৷ গোঁহাইদেৱৰ বৰ্ণ ক’লা আছিল। ৰুদ্ৰসিংহ স্বৰ্গদেৱে তেওঁক বৰ স্নেহ নকৰিছিল। এইজন৷ ৰজ৷ প্ৰকৃতে বড় প্ৰধান আছিল। ফি৷ ৰজাদেৱে যি দেশ ল’লে সি দেশ ৰুদ্ৰসিংহ স্বৰ্গদেৱেহে পাতিলে, এওঁৰ স্বভাৱ ৰাজযোগ্য আছিল। বুদ্ধি ও বিবেচনাতো বড় পকা আছিল। কেবল এটিহে দুগুণ আছিল যে তেওঁ বড় আত্মাভিমানী। এওঁৰ দিনত ভিন্ন দেশৰ শত্ৰুয়ে সইতে ৰণ বিগ্ৰহ একো নলগাত দেশৰ উন্নতিলৈ তেওঁ বড় মন দিব পাৰিছিল। যুৱৰাজ শিৱসিংহ গুৱাহাটীতে ৰাজত্ব পদ গ্ৰহণ কৰি উজাই ৰঙ্গপুৰলৈ গ'ল। তাতে শিঙ্গৰী ঘৰত উঠি আহোম মতে চুতনফা নাম ললে। পিতৃ ৰজাদেৱৰ মৃত্যুৰ পূৰ্ব্বৰ অনুমতি অনুসাৰে স্বৰ্গদেৱে কৃষ্ণৰাম ভট্টাচাৰ্যত মন্ত্ৰ গ্ৰহণ কৰিলে। ভট্টাচাৰ্য্য নীলাচলতে সততে থাকিবলৈ অনুমতি পালে আৰু সেই নিমিত্তে তেওঁবিলাকৰ বংশাবলী সকলোকে