পৃষ্ঠা:আসাম-ভূগোল.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ৮১ ) ' মহাৰাণী ভিক্টোৰিয়াৰ নিচিনা দয়াবতী ৰাণী কতো নাছিল। দাৰহাট, ফকিৰগঞ্জ আৰু গোৱাল- এইবিলাক ঠাই পোৱা পাড়া যায়। ভাষা। গোৱালপাড়া, কাছাড়, ছিলেট এই কেইখন জিলাত বঙ্গল৷ ভাষা চলে, বাকী সকলে৷ ঠাইতে অসমীয়া ভাষা চলে। আবৰ, মিৰি, ডফলা, চিংফৌ, খায়্তী, নগা, খাচিয়া আদিৰে৷ বেলেগ ভাষা। বিশেষ তীৰ্থস্থান। কামাখ্য৷—গুৱাহাটীৰ পৰা দুই মাইল দক্ষিণত এই মহাপীঠ আছে, তালৈ দিনে ৰাতিয়ে অনেক যাত্ৰী অহা-যোৱা কৰে, নিত্য সেৱ৷ পূজা চলে, এই মহাপীট অতি প্ৰাচীন কালৰে পৰা পৃথিবীত বিখ্যাত হৈ চলি আহিছে। পৰশুৰামকুণ্ড—সদীয়াৰ পৰা ৪।৫ দিনৰ বাট উজাই গলে এই তীৰ্থ পোৱা যায়। যামদগ্নী মুনিৰ